• Home
  • »
  • News
  • »
  • nation
  • »
  • অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বাংলাদেশ আৰু ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ বৈঠক

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বাংলাদেশ আৰু ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ বৈঠক

৫ দিনীয়া বৈঠকৰ চতুৰ্থ দিনা গুৱাহাটীস্থিত BSFৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত আয়োজন কৰে যুটীয়া সংবাদমেল৷

৫ দিনীয়া বৈঠকৰ চতুৰ্থ দিনা গুৱাহাটীস্থিত BSFৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত আয়োজন কৰে যুটীয়া সংবাদমেল৷

৫ দিনীয়া বৈঠকৰ চতুৰ্থ দিনা গুৱাহাটীস্থিত BSFৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত আয়োজন কৰে যুটীয়া সংবাদমেল৷

  • Share this:
BSF আৰু BGB সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক অসমত৷ বৈঠকত নিচাযুক্ত দ্ৰব্য সৰবৰাহ,গৰুৰ চোৰাং সৰবৰাহ আৰু অন্যান্য অপৰাধজনিত কাৰ্যকলাপৰ বিৰুদ্ধে একেলগে যুঁজ দিব দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে৷ দুয়োখন দেশৰ সীমান্ত  সুৰক্ষা বাহিনীয়ে নিশা সীমান্তত কৰিব যুটীয়া টহলৰ ব্যৱস্থা যাতে কোনো লোকে কোনোধৰণৰ সামগ্ৰী  সীমান্তইদি পাৰ কৰিব নোৱাৰে৷

৫ দিনীয়া বৈঠকৰ চতুৰ্থ দিনা গুৱাহাটীস্থিত BSFৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত আয়োজন কৰে যুটীয়া সংবাদমেল৷ সংবাদমেলত BGBৰ সঞ্চালকপ্ৰধান মেজৰ জেনেৰেল ছফিনুল ইছলাম আৰু BSFৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে পূৰ্বতকৈ অধিক সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে৷

BGB সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ছফিনুল ইছলামে ২০১৮ চনত অবৈধভাৱে সীমান্ত পাৰ হোৱা ৩ জনক সীমান্তত গুলীয়াই নিহত কৰাৰ লগতে ২০১৯ত ৩৫জন আৰু ১৮ ডিচেম্বৰ ২০২০ পৰ্যন্ত ৪৮জন লোক BGBৰ হাতত নিহত হৈছে ৷

আনহাতে, ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং গৰুৰ সৰবৰাহে বাংলাদেশৰ স্থানীয় কৃষকৰ ওপৰত কু–প্ৰভাব পৰিছে৷ বাংলাদেশ নিজে পৰ্যাপ্ত গৰু উৎপাদন কৰে৷ চোৰাংভাৱে বাংলাদেশলৈ গৰু সৰবৰাহ হৈ থাকিলে স্থানীয় লোকে নাপাব উচিত মূল্য৷ কিন্তু বৈধভাৱে দৈনিক ম্যানমাৰৰ পৰা বাংলাদেশলৈ গৰু আমদানি কৰাৰ কথা উল্লেখ কৰে৷

ইফালে, NRCৰ সম্পৰ্কত সঞ্চালক প্ৰধানজনে উল্লেখ কৰে বাংলাদেশত ইয়াৰ কোনো প্ৰভাৱ নপৰে৷ লগতে বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সঞ্চালক প্ৰধানজনে কয়, বাংলাদেশ বৰ্তমানৰ GDP বৃদ্ধিৰ হাৰ উন্নত৷ এই পৰিস্থিতিত কোনো বাংলাদেশৰ লোক ভাৰতলৈ অবৈধভাৱে অহাৰ কোনো প্ৰয়োজন নাই। বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশকাৰী অহা নাই বুলিও উল্লেখ কৰে৷ দুয়োখন দেশে ৰহিংগিয়া অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে৷

ইফালে, BSFৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই কয়, সীমান্তত বৰ্তমানত চোৰাং সৰবৰাহ সমস্যাটোৱে গুৰুত্ব লাভ কৰিছে বৈঠকত৷ তাৰ সমান্তৰালকৈ বৈঠকত গুৰুত্ব পাইছে সীমান্তৰক্ষীৰ হাতত নিহত হোৱা লোকৰ সংখ্যা কম হোৱাৰ কথা৷ BSFৰ হাতত চলিত বৰ্ষত বৰ্তমানলৈকে নিহত হৈছে ১০জন লোক৷ য’ত আছে ৩জন ভাৰতীয় মূলৰ৷ এই সংখ্যা কম কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে যুটীয়াভাৱে আৰু সংঘবদ্ধভাৱে কাম কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰে৷ আনহাতে, চলিত বৰ্ষত ভাৰতলৈ অবৈধভাৱে অহা ৩২০৪ গৰাকী বাংলাদেশী নাগৰিকক BGB গতাই দিয়াৰ তথ্যও প্ৰকাশ কৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি