স্ব-ইচ্ছাই জীৱন ত্যাগ কৰিলে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিএচ য়েডিয়ুৰাপ্পাৰ নাতিনী সৌন্দৰ্যাই। পেছাক এগৰাকী ডাক্তৰ আছিল সৌন্দৰ্যা। সৌন্দৰ্যা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জীয়ৰী পদ্মাৰ কন্যা।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ডিপ্ৰেছনত ভুগি আছিল ডা০ সৌন্দৰ্যাই। বেংগালুৰুৰ এম এছ ৰামিয়াহ হাস্পতালত কৰ্মৰত আছিল ডা০ সৌন্দৰ্যা।
মৃত্যুৰ সময়ত সৌন্দৰ্যাৰ বয়স আছিল ৩০ বছৰ। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ স্বামীৰ সৈতে বাস কৰিছিল। আছে এটি ছমহীয়া কণমানি সন্তান। প্ৰায় দুবছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ডা০ সৌন্দৰ্যা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|