উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা! মুখ্যমন্ত্ৰীৰ বিবাহ আঁচনিৰ ধন লাভৰ বাবে এই ফান্দি পাতিলে লোকজনে।
উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা! মুখ্যমন্ত্ৰীৰ বিবাহ আঁচনিৰ ধন লাভৰ বাবে এই ফান্দি পাতিলে লোকজনে।
টকাৰ লোভ! টকাৰ লোভত একাংশ লোক কিমান তললৈ নামিব পাৰে, সেয়া হয়টো আপুনি কল্পনাই কৰিব নোৱাৰিব। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক আচৰিত ঘটনা। ৰাজ্যখনৰ ফিৰোজবাদ জিলাৰ তুণ্ডলাৰৰ এজন লোকে গ্ৰহণ কৰা আচৰিত সিদ্ধান্তই এতিয়া চকু কঁপালত সকলোৰে।
মুখ্যমন্ত্ৰীৰ সামূহিক বিবাহ যোজনাৰ অধীনত দিবলগীয়া ধনৰাশিৰ লোভতে লোকজনে যোৱা ১১ ডিচেম্বৰত নিজৰ ভনীয়ককে বিয়া কৰায়। ৰাজ্যখনৰ সমাজ কল্যান বিভাগে আয়োজন কৰিছিল এই সামূহিক বিবাহ অনুষ্ঠান। আৰু চৰকাৰৰ ঘোষণা অনুসৰি, বিবাহ পাশত আবদ্ধ দম্পত্তিক ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী লগতে নগদ ৩৫ হাজাৰ টকা দিয়া হয়। আৰু এই টকা লাভৰ বাবেই এই ফান্দি পাতে লোকজনে।
উল্লেখ্য যে, ৩৫ হাজাৰ টকাৰ ভিতৰত ২০ হাজাৰ টকা ডাইৰেক্ট কইনাৰ বেংক একাউণ্টত জমা কৰা হয়। যোৱা ১১ ডিচেম্বৰত ৰাজ্যখনত প্ৰায় ৫১ খন সামূহিক বিবাহ অনুষ্ঠিত হয়। লোকজনৰ এনে কু-কৰ্মৰ কথা জানিব পাৰি গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰিছে গোচৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|