শুকুৰবাৰে এই পোষ্ট কৰিছে ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে।
শুকুৰবাৰে এই পোষ্ট কৰিছে ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে।
কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা কৃষক আন্দোলনক লৈ সৰৱ আছিল তেওঁ। আৰু তাৰ পিছতে আহিবলৈ ধৰে ধৰ্ষণ আৰু হত্যাৰ ভাবুকি।
ছচিয়েল মিডিয়াত জামিলাই লিখিছে, ‘‘ভাৰতৰ কৃষকসকলৰ আন্দোলনক লৈ বিগত কেইবামাহ ধৰি যি ঘটিছে সেই সম্পৰ্কে মাত মাতিছো। কিন্তু যিমানবাৰ মই এই বিষয়টোক লৈ কৈছো, মোলৈ ধৰ্ষণ আৰু হত্যাৰ ভাবুকি আহিছে। যিয়ে মোলৈ এই ধৰণৰ মেছেজ পঠিয়াইছে, তেওঁলোকে মনত ৰাখক যে মই এজন মানুহ যাৰ সহ্যৰ সীমা আছে।’’
শুকুৰবাৰে এই পোষ্ট কৰিছে ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে। তেওঁ আৰু লিখিছে, ‘‘মই অৱশ্যে ভাৰতৰ কৃষকসকলৰ সৈতে আছো। যিসকলে অধিকাৰৰ বাবে প্ৰতিবাদ কৰিছে তেওঁলোকৰ পক্ষত আছো।’’
ইতিমধ্যে কৃষক আন্দোলনৰ সমৰ্থনত বহু আন্তৰ্জাতিক ব্যক্তিয়ে মত প্ৰকাশ কৰিছে। পপ তাৰকা ৰিহানাই কৃষকসকলৰ সমৰ্থনত মন্তব্য কৰাৰ পিছতে বিশ্বজুৰি এই বিষয়টোক লৈ আলোচনা আৰম্ভ হৈছে। পৰিৱেশ আন্দোলন কৰ্মী গ্ৰেটা থুনবাৰ্গেও সমৰ্থন জনাইছে কৃষকসকললৈ। গ্ৰেটাৰ বিৰুদ্ধে এই সন্দৰ্ভত দাখিল কৰা হৈছে অভিযোগ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|