Tamil Nadu Helicopter Crash: তামিলনাডুৰ কুন্নৰ জিলাত হোৱা হেলিকপ্টাৰ ক্ৰেচত ব্ৰিগেদিয়াৰ এল এছ লিড্ডৰ(Brigadier Lakhwinder Singh Lidder)ৰ লগতে দেশৰ প্ৰথমগৰাকী চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট(Bipin Rawat) আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱট, ষ্টাফ বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিঙৰো মৃত্যু হয়।
পত্নী গীতিকা লিড্ডৰ (Geetika Lidder) আৰু তেওঁৰ কন্যা আশনা লিড্ডৰে (Aashna Lidder) শুকুৰবাৰে তামিনলাডুৰ কুন্নৰ জিলাত হোৱা হেলিকপ্টাৰ ক্ৰেচত নিহত ব্ৰিগেদিয়াৰ এল এছ লিড্ডৰলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা বতৰাত আশনা লিড্ডৰে কয় যে, 'সকলো কথাই মনলৈ আহে...১৭ বছৰ মই তেওঁক পালো। মোৰ সৈতে তেওঁৰ যিমান খিনি ভাল লগা মুহূৰ্ত আছে, সেই স্মৃতি সাৱটিয়েই অনাগত জীৱনটো জীয়াই থাকিম। মোৰ দেউতা হিৰো আছিল। মোৰ বেষ্টফ্ৰেণ্ড আছিল। এতিয়া বহুমানুহ আহি আছে, দুখ ইমান অনুভৱ হোৱা নাই। কিন্তু যেতিয়া অকলশৰীয়া হৈ পৰিম, তেতিয়া দুখে ভৰি পৰিব।'
পত্নী গীতিকা লিড্ডৰে কয় যে, 'আমি তেওঁক ভালদৰে বিদায় জনাব লাগে। সুখেৰে বিদায় জনাব লাগে। মই এগৰাকী সৈনিকৰ পত্নী। এয়া বৰ ডাঙৰ ক্ষতি।'
উল্লেখ্য যে, বুধবাৰে তামিলনাডু (Tamilnadu)ৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ লগতে আন ১১গৰাকী বীৰ সৈনিকৰ কৰুণ মৃত্যু হয়। বৃহস্পতিবাৰে সন্ধিয়া আটাইকেইজনৰে নশ্বৰ দেহ নতুন দিল্লীলৈ অনা হয়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 10, 2021, 15:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।