বিয়াত দৰাৰ ঘৰৰ পৰা দিছে কম দামী কাপোৰ। আৰু সেই অভিমানতে বিয়া ভাঙি দিলে হ’বলগীয়া কইনাই। বিয়াত দৰা ঘৰৰ পৰা কইনাক দিছিল ১০ হাজাৰ টকীয়া লেহেংগা। এই ঘটনাটো উত্তৰাখণ্ডৰ হালদোৱানিৰ। হ’বলগীয়া কইনাৰ দাবী, দৰাৰ ঘৰৰ পৰা কম দামী লেহেংগা পঠিয়াইছে। আৰু সেইবাবেই তেওঁ বিয়া ভাঙি দিছে।
জুলাই মাহত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। নৱেম্বৰত আছিল বিয়া। কিন্তু বিয়া নহ’ল, তাৰ সলনি আৰক্ষী থানালৈ যাবলগীয়া হ’ল দৰা–কইনা দুয়ো পক্ষ। আৰক্ষীয়ে অৱশ্যে বিষয়টো অধিক আগুৱাব নিদিলে। সমগ্ৰ ঘটনাত হতবাক সকলো। সামান্য লেহেংগা এযোৰৰ বাবে যুৱতীগৰাকীয়ে এনে কাণ্ড কৰিব বুলি কোনেও কল্পনা কৰা নাছিল।
জানিব পৰা মতে, দুয়োপক্ষই বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। আনকি বিয়াৰ কাৰ্ডো অৰ্ডাৰ কৰিছিল। তাৰ পিছতে লাগিল গেণা। যুৱতীগৰাকী কোনোপধ্যেই বিয়াৰ বাবে মান্তি হোৱা নাই বুলি জানিব পৰা গৈছে। বিষয়টো পোহৰলৈ অহাৰ পিছতে ছচিয়েল মিডিয়াত বৈছে ট্ৰ’লৰ বন্যা।
জানিব পৰা মতে, যুৱকজনে হ’বলগীয়া কইনাৰ বাবে লক্ষ্ণৌৰ পৰা বিশেষ লেহেংগা এযোৰ আনিছিল। ভাবিছিল কইনাই দেখি সন্তুষ্ট হ’ব। কিন্তু হ’ল বিপৰীত।
বিয়া ভঙাৰ খবৰ পোহৰলৈ অহাৰ পিছতে দৰা আৰু কইনা পক্ষৰ মাজত তুমুল বাদানুবাদ হয়। শেষত বিষয়টোত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|