দৰা বয়সীয়াল আৰু ক’লা বৰণৰ! হোমৰ গুৰিতে বিয়া ভাঙিলে কইনাই

News18-Assam
Updated:November 25, 2019, 1:49 PM IST
দৰা বয়সীয়াল আৰু ক’লা বৰণৰ! হোমৰ গুৰিতে বিয়া ভাঙিলে কইনাই
Source-Google

হোমৰগুৰিত ৬ পাক ঘূৰা লৈকে ঠিকেই আছিল, ৭ নম্বৰ বাৰ ঘূৰাৰ সময়ত কইনাই ওৰণি আঁতৰাই দেখিলে দৰাৰ বৰণ ক’লা, দেখাতো বয়সীয়াল। কইনাই চিঞৰি উঠিল– ‘মই বিয়া নহও’

  • Share this:
দৰাক নেদেখাকৈয়ে ঘৰৰ কথা মতে বিয়াৰ বাবে ৰাজি হৈছিল এগৰাকী যুৱতী।
বিয়াৰ দিনা দিনটো ভালদৰেই পাৰ হ’ল। ৰাতিলৈ দৰা আহিল কইনা নিবলৈ। ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু হোমৰ গুৰিত লাগিল অথন্তৰ।৬ পাক ঘূৰাৰ অন্তত কইনাই ওৰণি গুচাই দৰাক দেখি হতবাক হৈ যায় ! বয়সৰ বৃহৎ পাৰ্থক্যৰ লগতে ক’লা বৰণৰ হোৱাৰ বাবে হোমৰ গুৰিতে বিয়া ভাঙিলে কইনাই। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

হোমৰ গুৰিত হঠাৎ বিয়া নহও বুলি কইনা আঁতৰি যোৱাত দৰাঘৰীয়া লোকসকল সমস্যাত পৰে। কইনাৰ পিতৃ–মাতৃয়েও লাজে–অপমানে জৰ্জৰিত হৈ কইনাক বিয়া নোহোৱাৰ কাৰণ সোধে, তেতিয়া কইনাগৰাকীয়ে কয় যে, দৰা অত্যন্ত বয়সীয়াল আৰু ক’লা বৰণৰ। কইনাৰ এনে কথা শুনি দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ মাজত কিছু তৰ্কাতৰ্কিও হয়। পিছত আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
আৰু চাওক
পৰৱৰ্তী বাতৰি