বিয়া পাতি দিয়া পুৰোহিতৰ সৈতে পলাল কইনা, ক’লে – তেওঁৰ দ্বিতীয় পত্নী হৈয়ে থাকিম

দুটি সন্তানৰ পিতৃ যুৱতীগৰাকীৰ প্ৰেমিক বিনোদ। তেওঁ কয় যে যদি তাইৰ সৈতে নগ’লোহেঁতেন তেন্তে তাই বিহ খাই মৰিলেহেঁতেন।

news18assam
Updated:June 4, 2019, 6:04 PM IST
বিয়া পাতি দিয়া পুৰোহিতৰ সৈতে পলাল কইনা, ক’লে – তেওঁৰ দ্বিতীয় পত্নী হৈয়ে থাকিম
দুটি সন্তানৰ পিতৃ যুৱতীগৰাকীৰ প্ৰেমিক বিনোদ। তেওঁ কয় যে যদি তাইৰ সৈতে নগ’লোহেঁতেন তেন্তে তাই বিহ খাই মৰিলেহেঁতেন।
news18assam
Updated: June 4, 2019, 6:04 PM IST
বিয়া পাতি দিয়া পুৰোহিতৰ সৈতে পলাই গ’ল কইনা। এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ লটেৰী ৰোডস্থিত টোৰী বাগৰোডত। ৭ মে’ত বিবাহ সম্পন্ন হৈছিল যুৱতীগৰাকীৰ। ২৩ মে’ত গাঁৱৰে পুৰোহিত বিনোদ শৰ্মাৰ সৈতে পলাই যায় যুৱতীগৰাকী, যিগৰাকী পুৰোহিতে বিয়া পাতি দিছিল যুৱতীগৰাকীক। বিয়াৰ পিছত দুদিন শহুৰেকৰ ঘৰত থাকি উভতি আহিছিল যুৱতীগৰাকী আৰু তাৰ পিছতে পলাই গৈছিল বিনোদৰ সৈতে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱতীগৰাকীৰ অনুসন্ধান অব্যাহত ৰাখিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ১০ দিন পিছত যুৱতীগৰাকী আৰু প্ৰেমিক বিনোদে ছিৰোঞ্জ থানাত উপস্থিত হয়। যুৱতীগৰাকীৰ পিতৃ–মাতৃক থানালৈ মতা হ’ল আৰু তেওঁলোকৰ সন্মুখতে আৰক্ষীয়ে ল’লে যুৱতীগৰাকীৰ ভাষ্য। যুৱতীগৰাকীয়ে কয় – মই তেওঁলৈ যোৱা নাছিলো, মই কোৱাত তেওঁ আহিছিল মোৰ সৈতে। এতিয়া মই তেওঁৰ সৈতেই থাকিম। মই জানো তেওঁৰ বিয়া হৈছে। কিন্তু তেওঁৰ দ্বিতীয় পত্নী হিচাপে থাকিম। তাৰ পিছতে যুৱতীগৰাকীয়ে বিয়াত পোৱা সকলো ধন–সম্পত্তি পিতৃ–মাতৃক ওভতাই দি বিনোদৰ সৈতে গুচি যায়।

দুটি সন্তানৰ পিতৃ যুৱতীগৰাকীৰ প্ৰেমিক বিনোদ। তেওঁ কয় যে যদি তাইৰ সৈতে নগ’লোহেঁতেন তেন্তে তাই বিহ খাই মৰিলেহেঁতেন। উপায়ন্তৰ হৈ মই তাইৰ সৈতে গৈছিলো। মোৰ সৈতে থাকিব বিচাৰে, সেয়ে মই মোৰ লগতে ৰাখিম। মোৰ পত্নী আৰু পুত্ৰও মোৰ সৈতেই থাকিব।

আনহাতে, যুৱতীগৰাকীয়ে কয় যে মা–দেউতাই মোৰ অসন্মতিত বিয়া পাতি দিছিল। যদি মোৰ কথা শুনিলেহেঁতেন এনেকুৱা কাম নকৰিলোহেঁতেন। বিয়াত পোৱা ধন–সম্পত্তিবোৰ দিবলৈহে মই আহিছো।

ইফালে যিজন যুৱকৰ সৈতে যুৱতীগৰাকীৰ বিয়া হৈছিল সেই যুৱকজনো উপস্থিত আছিল থানাত। তেওঁ কয় যে বিয়া ঠিক হোৱাৰ পিছত মই তাইক মোবাইল কিনি দিছিলো আৰু প্ৰতিদিনে আমি কথা পাতিছিলো। কিন্তু তাই কেতিয়াও এই বিষয়ে কোৱা নাছিল। পূৰ্বে কৈ দিয়াহেঁতেন তাইক বিয়া নাপাতিলোহেঁতেন। এতিয়া মই নিজেই তাইক মোৰ লগত ৰাখিব নিবিচাৰো। ‘দৈনিক ভাস্কৰ’ত প্ৰকাশ পাইছে এই খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি