বিবাহ অনুষ্ঠানত হঠাত্ লাগিল হুৱা-দুৱা। আকস্মিক পৰিৱৰ্তন, হাঁহি ফূৰ্তিৰে নীতি নিয়মৰ মাজেৰে সমাপন হ'ল বিবাহৰ মাংগলিক কাৰ্যসূচী। তাৰ পিছতেই সময় আহিল পিতৃগৃহৰ পৰা কইনাই চিৰ বিদায় লোৱাৰ। কিন্তু পিতৃ গৃহৰ পৰা বিদায় লোৱাৰ সময়তে কান্দোনত ভাঙি পৰি মৃত্যুক সাৱটিলে কইনাই। উৰিষ্যাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।
কইনাগৰাকীৰ নাম ৰ'জী। পিতৃ গৃহৰ পৰা বিদায় লোৱাৰ ক্ষণত শোকত ভাগি পৰা ৰ'জীৰ হঠাত্ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায়। শুকুৰবাৰে উৰিষ্যাৰ বলাংগীৰ জিলাৰ তেতেলগাঁও নিৱাসী বিচিকেচনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰ'জী।
জানিব পৰা মতে, বিয়াৰ অনুষ্ঠানৰ পিছতে পৰিয়ালৰ লোকে স্বামীগৃহলৈ পঠিওৱাৰ যো-জা আৰম্ভ কৰাৰ সময়তে মাটিত অচেতন হৈ ঢলি পৰে ৰ'জী। লগে লগে হাস্পতাললৈ ৰ'জীক লৈ যোৱা হয় যদিও, চিকিত্সকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে কইনাৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 06, 2021, 12:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|