মৰ্মান্তিক! বিয়াৰ দিনা কন্যাদান কৰাৰ পৰিৱৰ্তে জীয়ৰীৰ মৃতদেহ কান্ধত তুলিব লগীয়া হ’ল দুৰ্ভগীয়া পিতৃয়ে, কোৰোণাৰ আতংকত চিকিত্‍সালয়ত ভৰ্তি কৰাব নোৱাৰিলে বিনীতাক

News18 Assam | News18-Assam
Updated:June 28, 2020, 2:58 PM IST
মৰ্মান্তিক! বিয়াৰ দিনা কন্যাদান কৰাৰ পৰিৱৰ্তে জীয়ৰীৰ মৃতদেহ কান্ধত তুলিব লগীয়া হ’ল দুৰ্ভগীয়া পিতৃয়ে, কোৰোণাৰ আতংকত চিকিত্‍সালয়ত ভৰ্তি কৰাব নোৱাৰিলে বিনীতাক
আনন্দ উল্লাসৰ মাজত চলিছিল বিবাহ অনুষ্ঠান।

আনন্দ উল্লাসৰ মাজত চলিছিল বিবাহ অনুষ্ঠান।

  • Share this:
চৌদিশে কোৰোণাৰ আতংক। এই সময়ত অন্য ৰোগত আক্ৰান্ত সকল চৰম অসুবিধাৰ সন্মুখীন হৈছে বুলি বিভিন্ন সময়ত অভিযোগ উঠিছে। কোৰোণাৰ সন্ত্ৰাসৰ বাবে অন্য ৰোগত আক্ৰান্ত এগৰাকী যুৱতীয়ে সাৱটি ল’বলগীয়া হ’ল কৰুণ মৃত্যুক।

নিজৰ বিয়াৰ দিনাই হঠাত্‍ অসুস্থ হৈ পৰে এগৰাকী যুৱতী। যুৱতীগৰাকীক পৰিয়ালৰ লোকে চিকিত্‍সালয়লৈ লৈ যায় যদিও, চিকিত্‍সালয়খনত কোৰোণা সংক্ৰমিত হোৱাৰ ভয়ত ভৰ্তি নকৰিলে কৰ্তৃপক্ষই। ফলত চিকিত্‍সা অবিহনে মৃত্যু মুখত পৰে যুৱতীগৰাকী।

যিগৰাকী দেউতাকে নিজৰ কন্যাক বিয়া দি এখন ঘৰলৈ উলিয়াই দিয়াৰ সপোন দেখিছিল, সেইগৰাকী দেউতাকেই কন্যাৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিবলগীয়া হ’ল। এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোতে শোকৰ ছা পৰিছে। কনৌজত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

কনৌজৰ ভৰতপুৰৰ বাসিন্দা ৰাজকিশোৰৰ ১৯ বছৰীয়া কন্যা বিনীতাৰ বিয়া ঠিক কৰা হৈছিল কানপুৰৰ দেহাত জিলাৰ সন্তোষ নামৰ এজন লোকৰ পুত্ৰ সঞ্জয়ৰ সৈতে। কিন্তু বিয়াৰ দিনাই হঠাত্‍ অসুস্থ হৈ পৰে বিনীতা। লগে লগে পৰিয়ালৰ লোকে বিনীতাক চিকিত্‍সালয়লৈ লৈ যায় যদিও, চিকিত্‍সালয়ত ভৰ্তি কৰিব নোৱাৰিলে বিনীতাক। আৰু স্বাস্থ্য অধিক অৱনতি ঘটাত মৃত্যু হয় বিনীতাৰ। এতিয়া আৰক্ষীয়ে বিনীতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
First published: June 28, 2020, 2:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading