২৪ ঘণ্টাত ওলোটা খৰ, অৰুণাচল আৰু PoKক ভাৰতৰ অংশ ৰূপে স্বীকৃতি প্ৰদান কৰা মানচিত্ৰ আঁতৰালে

বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ(BRI)ৰ ৱেবছাইটে আঁতৰালে উক্ত মানচিত্ৰখন, য’ত পাকিস্তান অধীনস্থ কাশ্মীৰ(PoK) আৰু অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ ৰূপে দেখাইছিল

news18assam
Updated:April 28, 2019, 11:21 AM IST
২৪ ঘণ্টাত ওলোটা খৰ, অৰুণাচল আৰু PoKক ভাৰতৰ অংশ ৰূপে স্বীকৃতি প্ৰদান কৰা মানচিত্ৰ আঁতৰালে
বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ(BRI)ৰ ৱেবছাইটে আঁতৰালে উক্ত মানচিত্ৰখন, য’ত পাকিস্তান অধীনস্থ কাশ্মীৰ(PoK) আৰু অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ ৰূপে দেখাইছিল
news18assam
Updated: April 28, 2019, 11:21 AM IST
বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ(BRI)ৰ ৱেবছাইটে আঁতৰালে উক্ত মানচিত্ৰখন, য’ত পাকিস্তান অধীনস্থ কাশ্মীৰ(PoK) আৰু অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ ৰূপে দেখাইছিল। শুকুৰবাৰেই চীনে BRIৰ দ্বিতীয় ছামিটত চীনে নিজৰ এখন মানচিত্ৰত জম্মু–কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশক সম্পূৰ্ণৰূপে ভাৰতৰ অংশ ৰূপে দেখুৱাইছিল।

চীনৰ এই পদক্ষেপে সকলোকে আশ্চৰ্যত পেলাইছিল, কিন্তু এদিনৰ পিছতে চীনে দেখালে নিজস্ব ৰূপ। ইয়াৰ পূৰ্বে বেইজিঙত BRIৰ দ্বিতীয় ছামিটত চীনে এখন মানচিত্ৰত সম্পূৰ্ণ জম্মু–কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ ৰূপে দেখুৱাইছিল। BRI চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মন পচন্দৰ পৰিযোজনা।

ভাৰতে কৰিলে বৰ্জন

বেইজিঙত  ২৫ এপ্ৰিলৰ পৰা বেইজিঙত ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয়খন ছামিট ভাৰতে বৰ্জন কৰিলে। ইয়াৰ পূৰ্বে ২০১৭ত প্ৰথমখন ছামিটত অংশ লোৱা নাছিল ভাৰত। এই ছামিটত ৩৭ খন দেশে অংশ লৈছিল।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি