• Home
  • »
  • News
  • »
  • nation
  • »
  • Eknath Shinde wins trust vote: মহাৰাষ্ট্ৰত আস্থা ভোটত জয়ী মুখ্যমন্ত্ৰী একনাথ সিন্দে, স্বস্তিৰ নিশ্বাস বিসম্বাদী শিবিৰত!

Eknath Shinde wins trust vote: মহাৰাষ্ট্ৰত আস্থা ভোটত জয়ী মুখ্যমন্ত্ৰী একনাথ সিন্দে, স্বস্তিৰ নিশ্বাস বিসম্বাদী শিবিৰত!

বিজেপিৰ বিধায়ক ৰাহুল নাৰভেকাৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন হয়। ১৬৪টা ভোটত জয়ী হয় ৰাহুল নাৰভেকাৰ।

  • Share this:

আস্থা ভোটত জয়লাভ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই! সোমবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে সিন্দেই। দেওবাৰেই একনাথ সিন্দেৰ শিবিৰৰ পছন্দৰ অধ্যক্ষ জয়ী হয়। বিজেপিৰ বিধায়ক ৰাহুল নাৰভেকাৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন হয়। ১৬৪টা ভোটত জয়ী হয় ৰাহুল নাৰভেকাৰ।

তাৰ পিছতে সোমবাৰে জয়ৰ সোৱাদ পালে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই। উল্লেখযোগ্য যে বিগত বৃহস্পতিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল একনাথ সিন্দেই। উপ–মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল দেৱেন্দ্ৰ ফাৰনবিছে।

শুকুৰবাৰে শিৱসেনা প্ৰধান উদ্ধব থাকৰেই ‘দলবিৰোধী কাৰ্যকলাপ’ত জড়িত থকাৰ অভিযোগত দলীয় নেতাৰ পদৰ পৰা একনাথ সিন্দেক আঁতৰাই দিছিল। সিন্দে শিবিৰে অৱশ্যে কৈছে যে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব তেওঁলোকে কাৰণ এতিয়া তেওঁলোকেই আচল সেনা।

Published by:Sanjay Kumar Das
First published: