মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Brave Cat Vs Leopard: সন্মুখত খঙাল চিতা, মেকুৰী মাহীয়েও দেখুৱালে দুঃসাহস ! ড্ৰামা নহয়, চাওক ৰিয়েল ভিডিঅ'

Brave Cat Vs Leopard: সন্মুখত খঙাল চিতা, মেকুৰী মাহীয়েও দেখুৱালে দুঃসাহস ! ড্ৰামা নহয়, চাওক ৰিয়েল ভিডিঅ'

News18 Assam | News18-Assam
Updated:September 7, 2021, 9:43 PM IST
Brave Cat Vs Leopard: সন্মুখত খঙাল চিতা, মেকুৰী মাহীয়েও দেখুৱালে দুঃসাহস ! ড্ৰামা নহয়, চাওক ৰিয়েল ভিডিঅ'
Brave Cat Vs Leopard: নাহৰফুটুকীৰ আক্ৰমণাত্মক ৰূপ দেখিও মেকুৰীটোৱে ফেপেৰী পাতি ধৰিছিল । নেটিজেনসকলৰ পৰা প্ৰশংসা লাভ কৰিছে মেকুৰীটোৱে ৷

Brave Cat Vs Leopard: নাহৰফুটুকীৰ আক্ৰমণাত্মক ৰূপ দেখিও মেকুৰীটোৱে ফেপেৰী পাতি ধৰিছিল । নেটিজেনসকলৰ পৰা প্ৰশংসা লাভ কৰিছে মেকুৰীটোৱে ৷

  • Share this:
মেকুৰী সঁচাকৈয়ে বাঘৰ মাহীয়েক নেকি?  যদি এটা মেকুৰী বাঘৰ মাহীয়েক হয় তেন্তে এটা নাহৰফুটুকী বাঘৰ সৈতে কি সম্পৰ্ক আছে?  সম্পৰ্ক যিয়েই নহওঁক, এইটো স্পষ্ট হৈ পৰিছে যে চিতাৰ মুখামুখি হ'লে মেকুৰীয়ে সহজে ভয় নকৰে। অন্ততঃ এই ভাইৰেল ভিডিঅ'টোৱে সেয়াই প্ৰমাণ কৰিছে।

সংবাদ সংস্থা ANIয়ে পোষ্ট কৰা এটা ভিডিঅ'ত দেখা গৈছে, মেকুৰী (Cat) এটাক খেদি যাওতে এটা নাহৰফুটুকী (Leopard) পোনে পোনে কুঁৱা এটাত পৰিছিল ৷ মেকুৰীটোও গৈ একেটা কুঁৱাত পৰিছিল ৷ ভিডিঅ'টোত (Viral Video) দেখা গৈছে যে কুঁৱাৰত পৰাৰ লগে লগে নাহৰফুটুকীটোৱে খঙত মেকুৰীৰ ফালে চোচা লৈছিল ৷ সকলোৱে ভাবিছিল শেষ আৰু! এতিয়াই মেকুৰীটোৰ কৰুণ পৰিণাতি ঘটিব ! পিছে বাস্তৱত সেয়া নহ'ল ৷ প্ৰথমতে নাহৰফুটুকীটোৰ ৰুদ্ৰমূৰ্তি দেখি মেকুৰীটো কেইখোজমান পিছুৱাই গৈছিল ৷ কিন্তু পিছ মুহূৰ্ততে নিজৰ ঠাইতে দৃঢ় হৈ ৰৈ দিলে মেকুৰীটো। মেকুৰীটোৰ এই দুঃসাহস দেখিয়েই হয়তো থমকি ৰ'ল নাহৰফুটুকীটোও। ইয়াৰ পিছত নাহৰফুটুকীয়োৱে মেকুৰীটোৰ কোনো ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল। বাকী সময়ছোৱাত, দুয়োটাই সন্ধি কৰাহে দেখা গৈছিল। চিতাটোৱেও হয়তো বুজি পাইছিল যে দুয়ো কুঁৱাত পৰিছে আৰু দুয়োটাই বিপদত পৰিছে! ভিডিঅ'টো চাওক-



খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ নাছিকত এই দুৰ্লভ ঘটনাটো সংঘটিত হৈছে ৷ নাছিকৰ উপ বন সংৰক্ষক পংকজ গাৰ্গে কয় যে নাহৰফুটুকীটো কুঁৱাৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়া হৈছে ৷ মেকুৰীটোকো উদ্ধাৰ কৰা হয় ৷

নাহৰফুটুকীৰ আক্ৰমণাত্মক ৰূপ দেখিও মেকুৰীটোৱে ওলোটাই ফেপেৰী পাতিহে ধৰিছিল । এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত নেটিজেনসকলৰ পৰা প্ৰশংসা লাভ কৰিছে মেকুৰীটোৱে ৷ বহুতে মেকুৰীটোৰ সাহসিকতাৰ প্ৰশংসাও কৰিছে ৷ এজন টুইটাৰ ইউজাৰে লিখিছে, 'এই মেকুৰীটো বহু মানুতকৈ বেছি সাহসী।'  পিছে ভিডিঅ'টো চাই এইটো স্পষ্ট নহয় যে নাহৰফুটুকীটোৱে মেকুৰীটোৰ সৈতে মুখামুখি হোৱাৰ সময়ত হয়তো নিজৰ আত্মীয়তাৰ কথা মনলৈ আহিছে, হাজাৰ হওক, যদি বাঘৰ মাহীয়েক হয় তেনেহ'লে নাহৰফুটুকীটোৰ সৈতেও কিবা নহয় কিবা সম্পৰ্কতো থাকিবই !
Published by: Manjumoni Borah
First published: September 7, 2021, 9:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি