• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘লিভ ইন’ত থাকোতে প্ৰেয়সী হ’ল গৰ্ভৱতী, গৰ্ভপাতক লৈ কাজিয়াৰ মাজতে প্ৰেমিকে ডিঙি চেপি হত্যা কৰিলে ২৪ বছৰীয়া প্ৰেমিকাক

‘লিভ ইন’ত থাকোতে প্ৰেয়সী হ’ল গৰ্ভৱতী, গৰ্ভপাতক লৈ কাজিয়াৰ মাজতে প্ৰেমিকে ডিঙি চেপি হত্যা কৰিলে ২৪ বছৰীয়া প্ৰেমিকাক

এখন চিঠিত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লিখি আৰক্ষীক জমা দিয়াৰ লগতে নিজক ফাঁচি দিবলৈ দাবী জনালে প্ৰেমিক কিৰণে।

এখন চিঠিত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লিখি আৰক্ষীক জমা দিয়াৰ লগতে নিজক ফাঁচি দিবলৈ দাবী জনালে প্ৰেমিক কিৰণে।

এখন চিঠিত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লিখি আৰক্ষীক জমা দিয়াৰ লগতে নিজক ফাঁচি দিবলৈ দাবী জনালে প্ৰেমিক কিৰণে।

  • Share this:
ভয়ংকৰ ঘটনা! প্ৰেমিকা গৰ্ভৱতী হোৱাত খং উঠিল প্ৰেমিকৰ! গৰ্ভপাতকলৈ হোৱা কাজিয়াৰ মাজতে প্ৰেমিকে ডিঙি চেপি হত্যা কৰিলে ২৪ বছৰীয়া প্ৰেমিকাক। ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ‘লিভ ইন’ ৰিলেশ্যনশ্বীপত আছিল দুয়ো প্ৰেমিক-প্ৰেমিকা কিৰণ ফুণ্ডে আৰু সোণামণি সৌৰেন। কিন্তু প্ৰেমিকা গৰ্ভৱতী হোৱা বুলি জানিব পাৰি দুয়োৰে মাজত আৰম্ভ হয় কাজিয়াৰ। আৰু অৱশেষত দেওবাৰে গৰ্ভপাতকলৈ হোৱা কাজিয়াৰ মাজতে প্ৰেমিকাক ডিঙি চেপি হত্যা কৰে প্ৰেমিক কিৰণে।

প্ৰেমিকা কোণামণিয়ে গৰ্ভপাত কৰিবলৈ বিচৰা নাছিল নিজৰ গৰ্ভত থকা সন্তান। কিন্তু সেই কথাত আপত্তি আছিল প্ৰেমিক কিৰণৰ। আৰু ইয়াকে লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। আৰু অৱশেষত দেওবাৰে সংঘটিত হয় এই ঘটনা।

হত্যা কৰি থানাত আত্ম সমৰ্পণঃ

কাজিয়াৰ সময়তে অভিযুক্ত প্ৰেমিকে সোণামণিক ঘৰতে ডিঙি চেপি হত্যা কৰে। আৰু বাহিৰৰ পৰা ঘৰৰ দৰ্জা বন্ধ কৰি আৰক্ষী চকীত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। আনকি এখন চিঠিত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লিখি আৰক্ষীক জমা দিয়াৰ লগতে নিজক ফাঁচি দিবলৈ দাবী জনালে প্ৰেমিক কিৰণে।
Published by:Himangshu Bhuyan
First published: