প্ৰেমিকাক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰি দশম মহলাৰ পৰা জঁপিয়ালে প্ৰেমিকে

দুয়োৰে মাজত কথা–বতাৰৰ মাজতে কোনো কথাক লৈ সূত্ৰপাত হয় কাজিয়াৰ। কাজিয়াই ইমানেই ভয়ংকৰ ৰূপ লয় যে খঙতে প্ৰেমিক মংগেশে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে প্ৰেমিকাক।

News18-Assam
Updated:October 2, 2019, 11:13 AM IST
প্ৰেমিকাক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰি দশম মহলাৰ পৰা জঁপিয়ালে প্ৰেমিকে
দুয়োৰে মাজত কথা–বতাৰৰ মাজতে কোনো কথাক লৈ সূত্ৰপাত হয় কাজিয়াৰ। কাজিয়াই ইমানেই ভয়ংকৰ ৰূপ লয় যে খঙতে প্ৰেমিক মংগেশে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে প্ৰেমিকাক।
News18-Assam
Updated: October 2, 2019, 11:13 AM IST
মায়ানগৰী মুম্বাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন যুৱকে নাবালিকা প্ৰেমিকাক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰি এটা অট্টালিকাৰ দশম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। খবৰ অনুসৰি, প্ৰেমিক–প্ৰেমিকাৰ মাজত কোনো কথাত কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পিছতে যুৱকজনে সংঘটিত কৰে এই ভয়ংকৰ ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি, আত্মহত্যা কৰা যুৱকজনৰ নাম মংগেশ ৰাণে। সোমবাৰে দুপৰীয়া মুম্বাইৰ মালাডস্থিত প্ৰেমিকাৰ ঘৰলৈ আহিছিল যুৱকজন। দুয়োৰে মাজত কথা–বতাৰৰ মাজতে কোনো কথাক লৈ সূত্ৰপাত হয় কাজিয়াৰ। কাজিয়াই ইমানেই ভয়ংকৰ ৰূপ লয় যে খঙতে প্ৰেমিক মংগেশে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে প্ৰেমিকাক। ফলত গুৰুতৰভাৱে আহত হয় প্ৰেমিকা। ইফালে, প্ৰেমিকাক ছুৰিকাঘাত কৰাৰ পিছতে দহ মহলাৰ অট্টালিকাৰ বেলকনীৰ পৰা জাঁপ দিয়ে। ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ।

ইফালে, ছুৰিকাঘাতত আহত প্ৰেমিকাক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয়। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি