• Home
  • »
  • News
  • »
  • nation
  • »
  • এজন বয়ফ্ৰেণ্ডৰ সৈতে জন্মদিন পালন কৰিবলৈ গ’ল প্ৰেমিকা, সেই সময়তে উপস্থিত আনজন, তাৰ পিছত এখন মহাৰণ

এজন বয়ফ্ৰেণ্ডৰ সৈতে জন্মদিন পালন কৰিবলৈ গ’ল প্ৰেমিকা, সেই সময়তে উপস্থিত আনজন, তাৰ পিছত এখন মহাৰণ

এই আক্ৰমণত যুৱকজন আঘাতপ্ৰাপ্ত হয়। মহোবাৰ যুৱকজনে হাস্পতাল আৰু আৰক্ষী থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

এই আক্ৰমণত যুৱকজন আঘাতপ্ৰাপ্ত হয়। মহোবাৰ যুৱকজনে হাস্পতাল আৰু আৰক্ষী থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

এই আক্ৰমণত যুৱকজন আঘাতপ্ৰাপ্ত হয়। মহোবাৰ যুৱকজনে হাস্পতাল আৰু আৰক্ষী থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

  • Share this:
মধ্য প্ৰদেশৰ ছতৰপুৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। চহৰখনৰ যোগেন্দৰ সিং পেট্ৰ’ল পাম্পৰ সমীপত প্ৰেমিকৰ বাবে দুই যুৱকৰ মাজত সংঘটিত হ’ল প্ৰচণ্ড মাৰপিট। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ দুই যুৱকে নিজৰ প্ৰেমিকাৰ সৈতে জন্মদিন পালন কৰিবলৈ ছতৰপুৰলৈ আহিছিল। এই দুই যুৱতীৰ ভিতৰত এগৰাকীৰ উত্তৰ প্ৰদেশৰে মহোবাৰ আন এজন যুৱকৰ সৈতে সম্পৰ্ক চলি আছিল। মহোবাৰ যুৱকজনে যেতিয়া জানিব পাৰিলে যে তেওঁৰ প্ৰেমিকাই আন যুৱকৰ সৈতে গৈছে তেতিয়া তেওঁ ছতৰপুৰত উপস্থিত হয়। তাৰ পিছত ৰাজপথতে আৰম্ভ হয় নাটক। যুৱকজনে যিখন গাড়ীত প্ৰেমিকা গৈ আছিল, সেই গাড়ীখন ৰখাই তাত বহি থকা যুৱকজনক মাৰপিট আৰম্ভ কৰে। এই আক্ৰমণত যুৱকজন আঘাতপ্ৰাপ্ত হয়। মহোবাৰ যুৱকজনে হাস্পতাল আৰু আৰক্ষী থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।




আৰক্ষীয়ে উল্লেখ কৰে যে লক্ষ্ণৌৰ ২৫ বৈভৱ নামৰ যুৱকজনে বন্ধু শচীন তিৱাৰীৰ জন্মদিন পালন কৰিবলৈ ছতৰপুৰলৈ আহিছিল। তেওঁৰ সৈতে মহোবাৰ বাসিন্দা চঞ্চল বাৰ্মা আৰু ৰিয়া সাহু নামৰ দুই যুৱতী আছিল। শচীনৰ জন্মদিন পালন কৰি যেতিয়া তেওঁলোক গাড়ীৰে ছতৰপুৰলৈ গৈ আছিল, তেতিয়াই বাছ ষ্টেণ্ডৰ সমীপত যোগিন্দৰ পেট্ৰ’ল পাম্পৰ সমীপত দুই যুৱকে তেওঁলোকৰ গাড়ীৰ সন্মুখত বাইক ৰখাই দিয়ে। বাইকত বহি থকা বিকি সাহুৱে গাড়ীত পাথৰেৰে আক্ৰমণ কৰে। এই আক্ৰমণত বৈভৱে মূৰ আৰু নাকত গুৰুতৰ আঘাত পায়। বিকিয়ে গাড়ীত থকা চঞ্চল বাৰ্মাকো আক্ৰমণ কৰে। চঞ্চল বিকিৰ প্ৰেমিকা বুলি কোৱা হৈছে।

আঘাতপ্ৰাপ্ত আটাইকেইজনে হাস্পতালত উপস্থিত হয়। হাস্পতালতো সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ইয়াৰ মাজতে যুৱতী দুগৰাকীয়ে বন্ধুক এৰি হাস্পতালৰ পৰা গুচি যায়। এই সন্দৰ্ভত শচীন তিৱাৰীয়ে কয় যে আমি দুয়ো জন্মদিন পালন কৰিবলৈ লক্ষ্ণৌৰ পৰা আহিছিলো। দুই যুৱতীও আমাৰ সৈতে আছিল। বিকিয়ে কোনো কথা–বতৰা নপতাকৈ আক্ৰমণ কৰে। তেওঁ আৰক্ষীক অভিযোগ নিদিবলৈও সকীয়াই দিয়ে।


Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি