ইউটিউব চাই নিজেই বনাইছিল পিষ্টল, নিজৰ মূৰতে সোমাল সেই পিষ্টলৰ গুলী, ৩ মাহ পিছত কিশোৰৰ মূৰৰ অস্ত্ৰোপচাৰ

News18 Assam | News18-Assam
Updated:October 9, 2020, 8:02 PM IST
ইউটিউব চাই নিজেই বনাইছিল পিষ্টল, নিজৰ মূৰতে সোমাল সেই পিষ্টলৰ গুলী, ৩ মাহ পিছত কিশোৰৰ মূৰৰ অস্ত্ৰোপচাৰ
মাৰণাস্ত্ৰটো সাজি গুলী ফুটেনে নুফুটে সেয়া পৰীক্ষা কৰিবলৈ গৈ আহত হয় কিশোৰজন। নিজৰ মূৰতে সোমাল নিজেই সজা মাৰণাস্ত্ৰৰ গুলী।

মাৰণাস্ত্ৰটো সাজি গুলী ফুটেনে নুফুটে সেয়া পৰীক্ষা কৰিবলৈ গৈ আহত হয় কিশোৰজন। নিজৰ মূৰতে সোমাল নিজেই সজা মাৰণাস্ত্ৰৰ গুলী।

  • Share this:
তিনি মাহ ধৰি মূৰত গুলী লৈ ফুৰা এটি কিশোৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসকৰ দলে। এই ঘটনা সংঘটিত হৈছে ছিকিমৰ গেংটকত। ইউটিউবত ভিডিঅ’ চাই ১৬ বছৰীয়া এটি কিশোৰে নিজেই সাজি উলিয়াইছিল এটা মাৰণাস্ত্ৰ। পাইপ, ৰড, জুইশলা কাঠি আদি ঘৰতে উপলব্ধ সামগ্ৰীৰে কিশোৰটিয়ে সাজি উলিয়াইছিল মাৰণাস্ত্ৰ।

মাৰণাস্ত্ৰটো সাজি গুলী ফুটেনে নুফুটে সেয়া পৰীক্ষা কৰিবলৈ গৈ আহত হয় কিশোৰজন। নিজৰ মূৰতে সোমাল নিজেই সজা মাৰণাস্ত্ৰৰ গুলী। এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মূৰত গুলী সোমোৱাৰ পিছতো কিশোৰটি সংজ্ঞাহীন হৈ পৰা নাছিল, মূৰৰ আগফালে হৈছিল এটা সৰু ফুটা। সেয়েহে হাস্পতাললৈ নগ’ল কিশোৰটি। কিছুদিন ঠিকেই আছিল যদিও লাহে লাহে কিশোৰটিৰ মূৰৰ বিষ, জ্বৰৰ লগতে বমি হ’বলৈ ধৰে। ঘৰতে ঔষধ খাই বিষ নিৰাময়ৰ চেষ্টা চলাইছিল যদিও লাহে লাহে জটিল হৈ পৰিল সমস্যাটো। অৱশেষত উপায়ন্তৰ হৈ হাস্পতাললৈ গ’ল কিশোৰটি।

চিটি স্কেন আৰু এক্সৰে’ ৰিপ’ৰ্টত লাওখোলাৰ ভিতৰত ধৰা পৰিল ধাতবীয় সামগ্ৰী। লগে লগে কিশোৰটিৰ অস্ত্ৰোপচাৰৰ প্ৰস্তুতি চলোৱা হ’ল। মূৰৰ পৰা উলিওৱা হ’ল নিজ হাতে বনোৱা মাৰণাস্ত্ৰৰ গুলী। বৰ্তমান কিশোৰটিৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। গেংটকৰ চেন্ট্রেল ৰেফাৰেল হাস্পতালত সম্পন্ন হয় এই অস্ত্ৰোপচাৰ।
Published by: Sanjay Kumar Das
First published: October 9, 2020, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading