• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘নবৌক বিয়া নাপাতো’-কান্দোনত ভাগি পৰিল দেওৰ! পৰিয়ালৰ অন্য সদস্যৰ সৈতে বিধৱা মহিলাৰ অবৈধ সম্পৰ্কৰ দাবী! বলিৰ পঠা সজাই গাঁৱৰ মানুহে জোৰ–জুলুমকৈ বিয়া পতাই দিলে দেওৰেকৰ সৈতে। ভাইৰেল Video

‘নবৌক বিয়া নাপাতো’-কান্দোনত ভাগি পৰিল দেওৰ! পৰিয়ালৰ অন্য সদস্যৰ সৈতে বিধৱা মহিলাৰ অবৈধ সম্পৰ্কৰ দাবী! বলিৰ পঠা সজাই গাঁৱৰ মানুহে জোৰ–জুলুমকৈ বিয়া পতাই দিলে দেওৰেকৰ সৈতে। ভাইৰেল Video

এয়া কি কেলেংকাৰী?

এয়া কি কেলেংকাৰী?

এয়া কি কেলেংকাৰী?

  • Share this:
বিহাৰৰ দ্বাৰভাঙাত বাধ্যত পৰি বিয়া পাতিবলগীয়া হ’ল এজন যুৱকে। পৰিয়ালৰ লোকে জোৰকৈ মৃত ককায়েকৰ পত্নী অৰ্থাত্‍ নবৌৱেকৰ সৈতে বিয়া পাতি দিয়ে যুৱকজনৰ।
এতিয়া ছচিয়েল মিডিয়াতো ভাইৰেল হৈছে যুৱকজনৰ বিয়াখন।

ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে, যুৱকজনক জোৰকৈ বিয়া পাতি দিয়াৰ চেষ্টা কৰা হৈছে। খবৰ অনুসৰি, যুৱকৰ বিয়া হৈছে নিজৰ নবৌৱেকৰ সৈতে। যুৱকজনৰ নবৌৱেকৰ অন্য পুৰুষৰ সৈতে গঢ়ি উঠিছিল সম্পৰ্ক। সেই কথা জানিব পাৰিছিল পৰিয়ালৰ লগতে গাওঁবাসীয়ে। গতিকে পৰিয়ালৰ লোকে বোৱাৰীয়েকৰ গাৰ পৰা কলংকৰ দাগ আঁতৰাবলৈ বলিৰ পঠা সাজে মহিলাগৰাকীৰ দেওৰেকক। জোৰকৈ যুৱকজনৰ সৈতে বিয়া পাতি দিলে
মহিলাগৰাকীক।



এটা মন্দিৰত সম্পন্ন হয় বিবাহ কাৰ্য। তাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে বিয়াখনৰ কিছু দৃশ্য। দেখা গৈছিল যে, বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ নকৰি যুৱকজনে কাকুতি-মিনতি কৰাৰ লগতে চকুপানীও টুকিছে। কিন্তু গাঁৱৰ মহিলাসকলৰ লগতে
পৰিয়ালৰ লোকে জোৰকৈ নিজৰ নবৌৱেকৰ সৈতে বিয়া পাতি দিয়ে যুৱকজনক।

বিয়াৰ প্ৰকৃত কাৰণ হ’ল বিধবা মহিলাৰ অবৈধ সম্পৰ্ক। মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হোৱাৰ পিছৰ পৰাই পৰিয়ালৰে এগৰাকী আত্মীয়ৰ সৈতে অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল মহিলাগৰাকীৰ। আৰু তাৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালে জোৰ কৰি দেওৰেকৰ সৈতে বিয়া পাতি দিয়ে মহিলাগৰাকীৰ।
Published by:Himangshu Bhuyan
First published: