মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোভিড ভেকচিনৰ দ্বিতীয় ডোজ লোৱাৰ ছমাহৰ পিছত দিব পাৰে ব'ষ্টাৰ শ্বট! তৈয়াৰ হৈছে Covaxinৰ পৰিকাঠামো!

কোভিড ভেকচিনৰ দ্বিতীয় ডোজ লোৱাৰ ছমাহৰ পিছত দিব পাৰে ব'ষ্টাৰ শ্বট! তৈয়াৰ হৈছে Covaxinৰ পৰিকাঠামো!

কৃষ্ণ এলাই কৈছে যে, মানৱদেহত এণ্টি কোভিড ভেকচিনৰ দ্বিতীয় ডোজ দিয়াৰ ছমাহৰ পিছত এটি ব'ষ্টাৰ ডোজ প্ৰদান কৰিব লাগিব।

কৃষ্ণ এলাই কৈছে যে, মানৱদেহত এণ্টি কোভিড ভেকচিনৰ দ্বিতীয় ডোজ দিয়াৰ ছমাহৰ পিছত এটি ব'ষ্টাৰ ডোজ প্ৰদান কৰিব লাগিব।

কৃষ্ণ এলাই কৈছে যে, মানৱদেহত এণ্টি কোভিড ভেকচিনৰ দ্বিতীয় ডোজ দিয়াৰ ছমাহৰ পিছত এটি ব'ষ্টাৰ ডোজ প্ৰদান কৰিব লাগিব।

  • Share this:
সমগ্ৰ বিশ্ব কোভিড মহামাৰী প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ। ইতিমধ্যে বহুকেইখন দেশত কোভিড১৯ৰ বিৰুদ্ধে ব'ষ্টাৰ শ্বট প্ৰয়োগ কৰি জনগণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ চেষ্টা কৰা হৈছে।

অন্যান্য দেশসমূহত টিকা দিয়া আৰম্ভ কৰাৰ পিছত কোভাক্সিন প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়োটেকৰ চিএমডি কৃষ্ণ এলাই কৈছে যে, মানৱদেহত এণ্টি-কোভিড ভেকচিনৰ দ্বিতীয় ডোজ দিয়াৰ ছমাহৰ পিছত এটা ব'ষ্টাৰ শ্বট প্ৰদান কৰিব লাগিব। কিন্তু এই বিষয়ে এতিয়াও সম্পূৰ্ণ নিশ্চিত নহয় বুলি জনাইছে। চৰকাৰৰ সিদ্ধান্তই এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত হ'ব বুলি জানিবলৈ দিছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কৃষ্ণ এলাই এই বিষয়ে নিশ্চিত ভাবে জনোৱা নাই। কিন্তু এনেসময়ত চৰকাৰৰ একাংশ বিশেষজ্ঞই মন কৰিছে যে, এই মুহূৰ্তত ব'ষ্টাৰ শ্বটৰ প্ৰয়োজন নাই। যিসকলে ভেকচিনৰ দুয়োটা কোৰ্চ সম্পূৰ্ণ কৰিছে, তেওঁলোকে ব'ষ্টাৰ শ্বট নল'লেও হ'ব। অর্থাৎ তেওঁলোকৰ সম্পূৰ্ণ টিকাকৰণ নিশ্চিত হৈছে।

উল্লেখ্য যে, ভাৰত বায়টেক সংস্থাৰ সূত্ৰই লগতে জনাইছে যে, বৰ্তমান নজেল ভেকচিনৰ দ্বিতীয় ট্ৰাইল আৰম্ভ হৈছে। আগন্তুক ৩-৪ মাহৰ ভিতৰত যাৱতীয় কাম কাজ প্ৰায় শেষ হ'ব বুলি আশা কৰা হৈছে।

শেহতীয়া বাতৰি