
Indian Oil Corporation–এ Indaneৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ মুকলি কৰিছে এটা হোৱাটছএপ নম্বৰ।
Indian Oil Corporation–এ Indaneৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ মুকলি কৰিছে এটা হোৱাটছএপ নম্বৰ।
বেয়া খবৰৰ মাজতে আহিছে এটা ভাল খবৰ। এতিয়াৰে ঘৰতে বহি হোৱাটছএপৰ জৰিয়তে আপুনি বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। শেহতীয়াকৈ এই সুবিধা আৰম্ভ কৰিছে দেশৰ সবাতোকৈ বৃহৎ অইল মাৰ্কেটিং কোম্পানী Indian Oil Corporation–এ। এতিয়াৰে পৰা সকলো গ্ৰাহকে ৰন্ধন গেছ বুকিং কৰিব পাৰিব হোৱাটছ এপৰ জৰিয়তে।
Indian Oil Corporation–এ Indaneৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ মুকলি কৰিছে এটা হোৱাটছএপ নম্বৰ। এই সুবিধা লাভ কৰিবলৈ আপুনি 7588888824 নাম্বাৰত যোগাযোগ কৰিব লাগিব। এই নম্বৰটোৰ জৰিয়তেই গ্ৰাহকে বুকিং কৰিব পাৰিব প্ৰয়োজনীয় চিলিণ্ডাৰ।এই সেৱা উপভোগ কৰিবলৈ গ্ৰাহকৰ মোবাইল নম্বৰটো এজেন্সীত পঞ্জীয়ন হৈ থকাটো বাঞ্চনীয়। ইয়াৰ পূৰ্বেও চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত Indian Oil Corporation–এ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|