দেৱালীৰ আগে আগে ৰে'ল কৰ্মচাৰীসকলৰ বাবে আহি আছে ডাঙৰ খবৰ। চৰকাৰে ৰে'ল কৰ্মচাৰীসকলৰ বাবে আগবঢ়াইছে এটা ডাঙৰ উপহাৰ। যোৱা বছৰৰ দৰে এইবছৰো ৰে'ল কৰ্মচাৰীসকলৰ বাবে ৭৮ দিনৰ বোনাছ ঘোষণা কৰা হৈছে।
প্ৰায় ১১.৫৬ লাখ অ-ৰাজপত্ৰিত ৰে'ল কৰ্মচাৰীয়ে ৭৮ দিনৰ দৰমহাৰ সমান বোনাছ লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
তেওঁ কয়– ''আজি কেবিনেট বৈঠকত ২টা বিভাগৰ ওপৰত সিদ্ধান্ত লোৱা হৈছিল। বছৰি প্ৰডাক্টিভিটী লিংক বোনাছ অ-ৰাজপত্ৰিত ৰে'ল কৰ্মচাৰীসকলে লাভ কৰি আহিছে। কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে এইবছৰো ৰে'লৱেৰ অ-ৰাজপত্ৰিত কৰ্মচাৰীসকলক ৭৮ দিনৰ বোনাছ প্ৰদান কৰা হ'ব। ইয়াৰ ব্যয় প্ৰায় ১,৯৮৫ কোটি টকা হ'ব।''
Union Cabinet approves Productivity Linked Bonus equivalent to 78 days' wage to eligible non-gazetted Railway employees (excluding RPF/RPSF personnel) for FY20-21. About 11.56 lakh non-gazetted Railway employees are likely to benefit from the decision:Union Minister Anurag Thakur pic.twitter.com/cv7IDkulZb
— ANI (@ANI) October 6, 2021
ঠাকুৰে লগতে কয় যে প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনি আৰম্ভ কৰা হ'ব, যিয়ে বস্ত্ৰ আৰু পোছাকৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়াব। ই লাখ লাখ লোকক নিযুক্তি প্ৰদান কৰিব। ৫ বছৰত ইয়াৰ ব্যয় হ'ব ৪৪৪৫ কোটি টকা। ৭ মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিঅ'নেল এণ্ড এপাৰেল (MITRA) পাৰ্ক ইয়াৰ বাবে তৈয়াৰ হ'ব।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে উল্লেখ কৰে যে আৰ.ও.এছ.চি.টি.এলৰ বাবে আঁচনিখন ২০১৯ চনত আৰম্ভ কৰা হৈছিল আৰু ইয়াক ২০২৪ চনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বস্ত্ৰ খণ্ডলৈ ৰপ্তানিৰ বাবে উৎসাহ দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|