• Home
  • »
  • News
  • »
  • nation
  • »
  • ৫বছৰীয়া কন্যা শিশুৰ হাতত ধৰি ৫০বছৰীয়া ব্যক্তিয়ে খুলিলে পেণ্টৰ চেইন...হাইকৰ্টৰ ন্যায়াধীশৰ মতে এয়া POCSO ৰ অধীনত ‘যৌন শোষণ’ নহয়

৫বছৰীয়া কন্যা শিশুৰ হাতত ধৰি ৫০বছৰীয়া ব্যক্তিয়ে খুলিলে পেণ্টৰ চেইন...হাইকৰ্টৰ ন্যায়াধীশৰ মতে এয়া POCSO ৰ অধীনত ‘যৌন শোষণ’ নহয়

বম্বে হাইকৰ্টৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়মূৰ্তি পুষ্পা গনডীৱালাই এক চকু কপালত তোলা সিদ্ধান্ত শুনাইছে।

বম্বে হাইকৰ্টৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়মূৰ্তি পুষ্পা গনডীৱালাই এক চকু কপালত তোলা সিদ্ধান্ত শুনাইছে।

বম্বে হাইকৰ্টৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়মূৰ্তি পুষ্পা গনডীৱালাই এক চকু কপালত তোলা সিদ্ধান্ত শুনাইছে।

  • Share this:
মুম্বাইঃ বম্বে হাইক’ৰ্টৰ নাগপুৰ পীঠৰ মতে POCSO অধিনিয়ম ২০১২ৰ অধীনত যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এজনী ছোৱালীৰ হাতত ধৰা আৰু পেণ্টৰ চেইন খোলা যৌন শোষণৰ আওতাত নাহে। তাৎপৰ্যপূৰ্ণ যে, এজনীয়া বিচাৰপীঠৰ মতে IPCৰ ধাৰা ৩৫৪–এ(১) (i)ৰ অধীনত এনে কাৰ্য ‘যৌন উৎপীড়ন’ৰ আওতাতহে আহে। ৫০ বছৰীয়া এজন ব্যক্তিয়ে ৫বছৰীয়া এটি কন্যা শিশুক উৎপীড়ন চলোৱাৰ ক্ষেত্ৰত দোষী সাব্যস্ত আৰু শাস্তি ঘোষণাক লৈ অপৰাধিক আপীলত ন্যায়াধীশ পুষ্পা গনডেৱালাৰ এজনীয়া বিচাৰপীঠে এই সিদ্ধান্ত শুনায়।

সত্ৰ ন্যায়ালয়ে অভিযুক্তক এইক্ষেত্ৰত দোষী সাব্যস্ত কৰে আৰু তেওঁক POCSOৰ ধাৰা ১০ৰ অধীনত দণ্ডনীয় 'যৌন উৎপীড়ন’ হিচাপে গ্ৰহণ কৰি ছমাহৰ কাৰণে সাধাৰণ কাৰাবাসৰ লগতে পাঁচ বছৰৰ কঠোৰ কাৰাবাস আৰু ২৫,০০০ টকাৰ জৰিমনা শুনাইছিল।

অৱশ্যে ন্যায়াধীশ গনডেৱালাই POCSO আইনৰ অধীনত ধাৰা ৮,১০ আৰু ১২ৰ অধীনত দোষী সাব্যস্ত নকৰি অভিযুক্তক ধাৰা ৩৫৪A (১) (i)ৰ অধীনত দোষী সাব্যস্ত কৰি সৰ্বাধিক ৩বছৰৰ কাৰাবাসৰ ৰায় দিয়ে। বম্বে হাইকৰ্টৰ নাগপুৰ বিচাৰপীঠৰ মতে, এই বিষয়টো 'যৌন শোষণ’ৰহে ‘যৌন উৎপীড়ন’ৰ নহয়। লগতে তেওঁ কয় যে এই ঘটনাটো IPCৰ ধাৰা ৩৫৪A (১) (i)ৰ অধীনতহে আহে। এই ধাৰাৰ অন্তৰ্ভুক্ত অপৰাধ হৈছে কোনো মহিলাক বেয়া মনোভাৱেৰে স্পৰ্শ কৰা বা তেওঁক শাৰিৰীক সম্পৰ্কৰ কাৰণে কোৱা বা ইচ্ছাৰ বিৰুদ্ধে অশ্লীল সাহিত্য বা কিতাপ দেখুওৱা বা মহিলাক লৈ অশ্লীল টিপ্পণী কৰাটো অন্তৰ্ভুক্ত।

আৰক্ষীয়ে পীড়িতাৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছিল। ইয়াত কোৱা হৈছিল যে তেওঁ অভিযুক্তৰ পেণ্টৰ চেইন খোলা দেখা পাইছিল আৰু অভিযু্ক্তই কন্যাৰ হাতত ধৰি আছিল। লগতে কন্যাই অভিযুক্তই তেওঁক লগত শুবলৈ মতাৰ কথাও উল্লেখ কৰিছিল।
First published: