উল্লেখযোগ্য যে, যোৱা বুধবাৰে পুৱা মুম্বাইৰ বাসগৃহৰ পৰা অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ কাৰণে উচতনি দিয়াৰ এক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
উল্লেখযোগ্য যে, যোৱা বুধবাৰে পুৱা মুম্বাইৰ বাসগৃহৰ পৰা অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ কাৰণে উচতনি দিয়াৰ এক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন। আদালতৰ এই ৰায় অনুসৰি অহা ১৮ নৱেম্বৰলৈকে গোস্বামী সহ অন্য দুজন অভিযুক্ত ন্যায়িক জিম্মাত থাকিব লাগিব।
ন্যায়াধীশ এছ এছ শিণ্ডে আৰু এম এছ কাৰ্নিকৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰি কয়, "উচ্চ ন্যায়ালয়ে নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলগীয়া হোৱাকৈ কোনো গোচৰ বৰ্তমান সৃষ্ট হোৱা নাই।"
আদালতে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে অন্তঃৰ্ৱতীকালীন জামিনৰ আৱেদন খাৰিজ কৰা মানে নিয়মীয়া বেইলৰ অধিকাৰ হেৰুৱা নহয়। আৱেদনকাৰীয়ে এই সন্দৰ্ভত সত্ৰ ন্যায়াধীশৰ আদালতত আৱেদন কৰিব পাৰে।
দেওবাৰে অৰ্ণৱ গোস্বামীক ৰায়গড় জিলাৰ তা’লজা জে’ললৈ স্থানান্তৰ কৰা হয়। ন্যায়িক জিম্মাত থাকোতে মোবাইল ফোন ব্যৱহাৰ কৰাৰ অভিযোগত গোস্বামীক স্থানান্তৰ কৰা হয় তা’লজা জে’ললৈ।
উল্লেখযোগ্য যে, যোৱা বুধবাৰে পুৱা মুম্বাইৰ বাসগৃহৰ পৰা অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ কাৰণে উচতনি দিয়াৰ এক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ২০১৮ চনত ৫৩ বছৰীয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ আত্মহত্যা সন্দৰ্ভত ৪৭ বছৰীয়া গোস্বামীক গ্ৰেপ্তাৰ কৰা হয়। অৰ্ণৱৰ লগতে আন দুজন অভিযুক্ত ফিৰোজ শ্বেখ আৰু নিতেশ দাৰদাক পৰৱৰ্তী সময়ত আলীবাগ আদালতত হাজিৰ কৰোৱা হয়। ভাৰতীয় দণ্ডবিধিৰ ৩০৬ আৰু ৩৪ ধাৰাৰ অধীনত গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।
আনহাতে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সময়ত সৃষ্ট ঘটনাৱলীৰ পিছত মুম্বাই আৰক্ষীয়ে অৰ্ণৱ, তেওঁৰ পত্নী, পুত্ৰ আৰু আন দুজনৰ বিৰুদ্ধে চৰকাৰী কাম কাজত বাধা দিয়াৰ লগতে মহিলা আৰক্ষীক হাৰাশাস্তি কৰাকে ধৰি কেইবাটাও অভিযোগেৰে দণ্ডবিধিৰ ৩৫৩, ৫০৪, ৫০৬ আৰু ৩ৰ অধীনত এন এম যোশী মাৰ্গ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|