• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰতীয় আকাশমাৰ্গত বোমাতংক; চীন অভিমুখী ইৰাণী বিমানখনে বিচাৰিছিল দিল্লীত অৱতৰণৰ অনুমতি; পৰিস্থিতি নিয়ন্ত্ৰণ ভাৰতীয় বায়ু সেনাৰ

ভাৰতীয় আকাশমাৰ্গত বোমাতংক; চীন অভিমুখী ইৰাণী বিমানখনে বিচাৰিছিল দিল্লীত অৱতৰণৰ অনুমতি; পৰিস্থিতি নিয়ন্ত্ৰণ ভাৰতীয় বায়ু সেনাৰ

ইৰাণৰ তেহৰাণৰ পৰা চীনৰ গুৱাংঝৌলৈ গৈ আছিল উক্ত বিমানখন

ইৰাণৰ তেহৰাণৰ পৰা চীনৰ গুৱাংঝৌলৈ গৈ আছিল উক্ত বিমানখন

দিল্লী এটিচিয়ে বিমানখনক জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ পৰামৰ্শ দিছিল যদিও বিমানৰ পাইলটে বিমানখন ডাইভাৰ্ট কৰিবলৈ অস্বীকাৰ কৰি ভাৰতীয় আকাশমাৰ্গ এৰি যোৱাৰ খবৰ পোৱা গৈছে।

  • Share this:
চীন অভিমুখী পথত ইৰাণৰ এখন যাত্ৰীবাহী বিমানত ভাৰতৰ আকাশমাৰ্গৰ ওপৰেৰে বোমাৰ ভাবুকিৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, প্ৰথম অৱস্থাত এলাৰ্ট বাজি উঠাৰ লগতে পঞ্জাৱ আৰু যোধপুৰৰ পৰা অহা আই এ এফ ছু-৩০ এম কে আই যুঁজাৰু বিমানখনে সন্দেহজনক বিমানখনক বাধা দিবলৈ চেষ্টা কৰিছিল।

ইৰাণৰ বাহক মাহান এয়াৰৰ দ্বাৰা পৰিচালিত এয়াৰবাছ এ৩৪০ বিমানখনে ৩২০ৰ পৰা ৪৭৫ জন যাত্ৰীৰ ক্ষমতাৰে ইৰাণৰ তেহৰানৰ পৰা আহিছিল আৰু চীনৰ গুৱাংঝৌৰ পথত আছিল। জানিব পৰা মতে, মহান এয়াৰৰ বিমানখনে দিল্লী বিমানবন্দৰ এ টি চিৰ সৈতে যোগাযোগ কৰিছিল বিমান সংস্থাটোৱে। বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰি তৎকালীনভাৱে দিল্লীত অৱতৰণ কৰিবলৈ আহ্বান জনাইছিল।

মহান এয়াৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দিল্লী এটিচিয়ে বিমানখনক জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ পৰামৰ্শ দিছিল যদিও বিমানৰ পাইলটে বিমানখন ডাইভাৰ্ট কৰিবলৈ অস্বীকাৰ কৰি ভাৰতীয় আকাশমাৰ্গ এৰি যোৱাৰ খবৰ পোৱা গৈছে। বিমানখনকো চণ্ডীগড়তো অৱতৰণ কৰাৰ বাবে আন এটা বিকল্প দিয়া হৈছিল বুলি জানিব পৰা গৈছে।


ভাৰতীয় বায়ুসেনাৰ সূত্ৰ অনুসৰি, ভাবুকিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত আই এ এফৰ জেট বিমানকেইটাত স্ক্ৰেম্বল কৰা হৈছিল আৰু তেওঁলোকে এছ অ’ পি অনুসৰি নিৰাপদ দূৰত্ব বজাই ৰাখি বিমানখনৰ পিছে পিছে গৈছিল। কিন্তু ইৰাণৰ সংস্থাই আই এ এফক এই ভাবুকিক অৱজ্ঞা কৰিবলৈ কোৱাৰ পিছতে বিমানখনক চীন অভিমুখে উৰণ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হয়। আই এ এফে লগতে কয় যে ভাৰতীয় আকাশমাৰ্গ এৰি যোৱা পৰ্যন্ত জেট বিমানসমূহে যাত্ৰীবাহী বিমানখনক নিবিড়ভাৱে অনুসৰণ কৰি থাকিল।

“আই এ এফে নিৰ্ধাৰিত পদ্ধতি অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় (এম অ’ চি এ) আৰু অসামৰিক বিমান পৰিবহণ নিৰাপত্তা ব্যুৰো (বি চি এ এছ)ৰ সৈতে যৌথভাৱে। আই এ এফৰ এক বিবৃতিত কোৱা হৈছে যে বিমানখনৰ ওপৰত বায়ুসেনাই সমগ্ৰ ভাৰতীয় আকাশমাৰ্গত ৰাডাৰৰ তীক্ষ্ণ নিৰীক্ষণৰ অধীনত আছিল।

সূত্ৰই জনোৱা মতে, ‘বোমাৰ ভাবুকি’ৰ বিষয়ে প্ৰথমটো ফোন কৰা হৈছিল প্ৰায় পুৱা ১০ বজাত। দিল্লী বিমানবন্দৰৰ সৈতে যোগাযোগ কৰি ভাৰতৰ মাটিত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ পিছত অতি সোনকালেই বিমানখন ভাৰতীয় আকাশমাৰ্গৰ পৰা ওলাই আহিল আৰু এ টি চিৰ কাম-কাজ পুনৰ আৰম্ভ কৰা হ’ল। খবৰ অনুসৰি যাত্ৰীবাহী জেট বিমানখন এতিয়া চীনৰ দিশে গতি কৰিছে আৰু নিৰাপত্তা সংস্থাসমূহে বিমানখন নিৰীক্ষণ কৰি আছে।

FlightRadar ৰ তথ্য অনুসৰি বিমানখনে ভাৰতীয় আকাশমাৰ্গৰ পৰা ওলাই অহা দেখা পোৱাৰ পূৰ্বে কিছু সময়ৰ বাবে দিল্লী-জয়পুৰ আকাশমাৰ্গৰ ওপৰত উচ্চতা হ্ৰাস কৰা দেখা গৈছিল। নতুন দিল্লীৰ ওপৰত মুষ্টিমেয় বাৰ বৃত্তৰ দৰে উৰি থকাও দেখা গৈছিল বিমানখনে, তাৰ পিছতে সমগ্ৰ দেশজুৰি আৰু ম্যানমাৰত উৰণ অব্যাহত ৰাখিছিল। বোমাৰ ভাবুকিৰ প্ৰকৃতি এতিয়াও স্পষ্ট হোৱা নাই।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি