‘দিল্লী বিমানবন্দৰ বোমা ৰখা হৈছে, পাৰে যদি বিস্ফোৰণৰ পৰা ৰক্ষা কৰি দেখুৱাওক’

বোমাতংকৰ ফলত প্ৰায় ৭০ মিনিট সময় বিমানবন্দৰটোৰ কাম–কাজ স্তব্ধ হৈ পৰে।

News18-Assam
Updated:August 13, 2019, 8:24 AM IST
‘দিল্লী বিমানবন্দৰ বোমা ৰখা হৈছে, পাৰে যদি বিস্ফোৰণৰ পৰা ৰক্ষা কৰি দেখুৱাওক’
বোমাতংকৰ ফলত প্ৰায় ৭০ মিনিট সময় বিমানবন্দৰটোৰ কাম–কাজ স্তব্ধ হৈ পৰে।
News18-Assam
Updated: August 13, 2019, 8:24 AM IST
দিল্লী বিমানবন্দৰত সোমবাৰে নিশা সৃষ্টি হয় আতংকময় পৰিৱেশৰ। দিল্লী আৰক্ষীক এজন অজ্ঞাত লোকে নিশা প্ৰায় ৯ বজাত ফোন কৰি কয় যে ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত বোমা ৰখা হৈছে, বিমানবন্দৰটো ৰক্ষা কৰিব পাৰে যদি কৰি দেখুৱাওক। এই ফোন কলটো অহাৰ পিছতে দিল্লী আৰক্ষীৰ লগতে বিমানবন্দৰত নিয়োজিত সুৰক্ষা কৰ্মীৰ মাজত হাহাকাৰ লাগে। তন্ন তন্নকৈ তালাচী চলোৱা হয় বিমানবন্দৰটো। কিন্তু কোনো বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল  আৰক্ষীয়ে।

পিছত আৰক্ষীয়ে জানিব পাৰিলে যে এয়া এটা ভুৱা ফোন কল আছিল আৰু ফোন কৰোতাকো চিনাক্ত কৰা হৈছে। কিন্তু বোমাতংকৰ ফলত প্ৰায় ৭০ মিনিট সময় বিমানবন্দৰটোৰ কাম–কাজ স্তব্ধ হৈ পৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে ফোন কৰোতাজনক চিনাক্ত কৰে। আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰাত লোকজনে ভুৱা ফোন কল কৰাৰ কথা অস্বীকাৰ কৰে। লোকজনে কয় যে তেওঁ এনেধৰণৰ কোনো ফোনকল কৰা নাই।




এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, নিশা প্ৰায় ৮.৩০ বজাত বিমানবন্দৰটোৰ ২নং টাৰ্মিনেলত বোমা সংস্থাপনৰ তথ্য লাভ কৰিছিল দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষই। ফোন কৰা লোকজনে কৈছিল যে টাৰ্মিনেল ২ত বোমা ৰখা হৈছে, বিস্ফোৰণৰ পৰা ৰক্ষা কৰিব পাৰে যদি কৰি দেখুৱাওক। ইয়াৰ পিছতে আৰক্ষী, চোৰাংচোৱা সংস্থাই তন্ন–তন্নকৈ তালাচী চলায় বিমানবন্দৰটোত। কিন্তু কোনোধৰণৰ বোমা উদ্ধাৰ নহ’ল বিমানবন্দৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি