দুটাকৈ ভয়ংকৰ বিস্ফোৰণ, কেইবাজনো লোক আহত, ক্ষতিগ্ৰস্ত দুটাকৈ ঘৰ

News18 Assam | News18-Assam
Updated:February 10, 2020, 10:12 AM IST
দুটাকৈ ভয়ংকৰ বিস্ফোৰণ, কেইবাজনো লোক আহত, ক্ষতিগ্ৰস্ত দুটাকৈ ঘৰ
স্থানীয় লোকে জনোৱা অনুসৰি একেলগে দুটাকৈ বিস্ফোৰণ সংঘটিত হয়।

স্থানীয় লোকে জনোৱা অনুসৰি একেলগে দুটাকৈ বিস্ফোৰণ সংঘটিত হয়।

  • News18 Assam
  • Last Updated: February 10, 2020, 10:12 AM IST
  • Share this:
ভয়ংকৰ বিস্ফোৰণত কঁপিল বিহাৰৰ ৰাজধানী পাটনা। সোমবাৰে পুৱা গান্ধী ময়দান অঞ্চলৰ দলদলী ৰোডস্থিত এটা ঘৰত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। আৰক্ষীৰ মতে, ঘৰটোত ৰখা বোমা বিস্ফোৰণ হৈছে। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে দুটাকৈ ঘৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

স্থানীয় লোকে জনোৱা অনুসৰি একেলগে দুটাকৈ বিস্ফোৰণ সংঘটিত হয়। কেইবা কিলোমিটাৰ নিলগলৈ শুনা গৈছিল বিস্ফোৰণৰ শব্দ। আহত এগৰাকী মহিলাৰ অৱস্থা সংকটজনক। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি