বিপদত বলীউডৰ অভিনেত্ৰী অমীশা পেটেল, যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ

ঝাৰখণ্ডৰ এখন আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছে ৱাৰেণ্ট

News18-Assam
Updated:October 13, 2019, 4:13 PM IST
বিপদত বলীউডৰ অভিনেত্ৰী অমীশা পেটেল, যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ
ঝাৰখণ্ডৰ এখন আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছে ৱাৰেণ্ট
News18-Assam
Updated: October 13, 2019, 4:13 PM IST
বিপদত পৰিছে এসময়ৰ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অমীশা পেটেল। বাউঞ্চ চেক প্ৰদান কৰি বিপদত পৰিছে অভিনেত্ৰীগৰাকী। দুই কোটি পঞ্চাশ লাখ টকাৰ দুখন বাউঞ্চ চেক প্ৰদান কৰাৰ অভিযোগত ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ এখন আদালতে বলীউজৰ অভিনেত্ৰী অমীশা পেটেল আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছে।

এই বিষয়টোত কেইমাহমানৰ পূৰ্বে আদালতে অমীশা পেটেলৰ বিৰুদ্ধে চমন জাৰি কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি