মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»‘অংকিতাৰ সৈতে সম্পৰ্ক শেষ কৰি বৰ ডাঙৰ ভুল কৰিলো’- চিকিত্‍সকক বাৰে বাৰে কৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতে

‘অংকিতাৰ সৈতে সম্পৰ্ক শেষ কৰি বৰ ডাঙৰ ভুল কৰিলো’- চিকিত্‍সকক বাৰে বাৰে কৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতে

News18 Assam | News18-Assam
Updated:June 22, 2020, 11:45 AM IST
‘অংকিতাৰ সৈতে সম্পৰ্ক শেষ কৰি বৰ ডাঙৰ ভুল কৰিলো’- চিকিত্‍সকক বাৰে বাৰে কৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতে
ব্ৰেকআপৰ পিছত এবছৰ সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছৰ পৰা অংকিতালৈ মননত পেলাই মানসিক ভাবে অস্থিৰ হৈ পৰিছিল সুশান্ত সিং ৰাজপুত।

ব্ৰেকআপৰ পিছত এবছৰ সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছৰ পৰা অংকিতালৈ মননত পেলাই মানসিক ভাবে অস্থিৰ হৈ পৰিছিল সুশান্ত সিং ৰাজপুত।

  • Share this:
কিয় জীৱন শেষ কৰিলে সুশান্ত সিং ৰাজপুতে? মৃত্যুৰ পাঁচ দিনৰ পিছতো চলি আছে চৰ্চা। ইতিমধ্যে সুশান্তৰ মৃত্যুৰ কাৰণ উদঘাটনৰ বাবে আৰক্ষীয়ে সোধা-পোছা কৰিছে সুশান্তৰ বন্ধু, পৰিয়ালৰ লোক, ছবিজগতৰ সৈতে জড়িত লোকক।

অত্যাধিক মানসিক চাপত আছিল সুশান্ত। আনকি ছমাহ ধৰি সুশান্তই সেৱন কৰি আছিল মানসিক অৱসাদ দূৰ কৰাৰ ঔষধ। সুশান্তৰ মৃত্যুৰ পিছত ঘৰত কোনো ধৰণৰ ছুইচাইড নোট পোৱা নাই যদিও পোৱা গৈছে বহু কেইখন প্ৰেচক্ৰীপশ্যন। যোৱা ছমাহ ধৰি ভীষণ মানসিক অশান্তিক ভুগি আছিল অভিনেতা সুশান্ত সিং ৰাজপুত।

 

মানসিক চিকিত্‍সক কেশৰী চাভড়াকৰ কাষ চাপিছিল সুশান্ত। নৱভাৰত টাইমছ ৰিপৰ্ট অনুসৰি, ‘চিকিত্‍সক জনে আৰক্ষীক জনাইছে যে, সুশান্তই বাৰে বাৰে অংকিতাৰ সৈতে সম্পৰ্ক শেষ কৰি ভুল কৰা বুলি চিকিত্‍সকক কৈছিল।’ পবিত্ৰ ৰিস্তাৰ ধাৰাবাহিকৰ সময়ৰ পৰাই দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। আনকি দুয়ো বিবাহ পাশত আবদ্ধ হোৱাৰো চিন্তা চৰ্চা কৰিছিল। কিন্তু অজ্ঞাত কাৰণত দুয়োৰে মাজৰ সম্পৰ্ক বিচ্ছেদ হৈছিল। এতিয়া সুশান্তৰ মৃত্যুত ভাঙি পৰিছে অংকিতা। আনকি সুশান্তৰ পৰিয়ালকো দেখা কৰিছে অভিনেত্ৰীগৰাকীয়ে।



চিকিত্‍সকজনে লগতে কয় যে, ‘ব্ৰেকআপ হোৱাৰ এবছৰলৈকে ঠিকেই আছিল সুশান্ত। কিন্তু পিছত ভাঙি পৰিছিল সুশান্ত। আনকি সুশান্তক অংকিতাতকৈ কোনেও ভালকৈ বুজি নাপাই বুলিও কৈছিল অভিনেতাজনে।’

 
First published: June 19, 2020, 5:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি