‘সুশান্ত তোমাৰ যে হাঁহিৰ শব্দবোৰ....তুমি নাই বুলি বিশ্বাস কৰিবলৈয়ে লাগিব বহুত সময়’-শ্ৰাদ্ধৰ শেষত কান্দি কান্দি ক’লে পৰিয়ালৰ লোকে

News18 Assam | News18-Assam
Updated:June 28, 2020, 4:15 PM IST
‘সুশান্ত তোমাৰ যে হাঁহিৰ শব্দবোৰ....তুমি নাই বুলি বিশ্বাস কৰিবলৈয়ে লাগিব বহুত সময়’-শ্ৰাদ্ধৰ শেষত কান্দি কান্দি ক’লে পৰিয়ালৰ লোকে
গোটেই পৰিয়ালটোৰে নয়নৰ মণি আছিল সুশান্ত সিং ৰাজপুত

গোটেই পৰিয়ালটোৰে নয়নৰ মণি আছিল সুশান্ত সিং ৰাজপুত

  • Share this:
অৱশেষত আদ্যশ্ৰাদ্ধ সম্পন্ন হ’ল বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজুপুতৰ। অশ্ৰুসিক্ত নয়নেৰে সুশান্তৰ শেষ বিদায় জনালে পৰিয়ালৰ লোকে। কান্দোনত ভাঙি পৰিল পিতৃ।

বান্দ্ৰাৰ নিজৰ ফ্লেটত ১৪ জুনৰ দিনা জীৱন ত্যাগ কৰিছিল সুশান্তই। মৃত্যুৰ ১১ দিনৰ পিছত পাটনাস্থিত সুশান্তৰ পিতৃগৃহত হিন্দু ৰীতি-নীতি অনুযায়ী শ্ৰাদ্ধ সম্পন্ন কৰা হয়। শুকুৰবাৰৰ দিনা আছিল শ্ৰাদ্ধ। ব্ৰাক্ষ্মণ ভোজনৰ অন্তত সম্পন্ন হ’ল সুশান্তৰ শেষ যাত্ৰা। চকুপানীৰে পৰিয়ালৰ প্ৰতিজনে শেষবাৰ্তা দিলে সুশান্তক।

‘আপোনালোকৰ মৰমৰ সুশান্ত সিং ৰাজপুত আমাৰো বৰ আদৰৰ আছিল’

তাৰ হৃদয় বৰ বহল আছিল। প্ৰাণ খুলি কথা কৈছিল। তীক্ষ্ন বুদ্ধি সম্পন্ন। সকলো সময়তে দেখে ডাঙৰ ডাঙৰ সপোন। হাঁহিলে গালত ডিম্পল পৰে। পৰিয়ালৰ সকলোৱে তেওঁক লৈ গৰ্ব কৰিছিল। কিন্তু সেই হাঁহিৰ শব্দ শুনা নাপাম। সি যে নাই, সেই কথা বিশ্বাস কৰিবলৈয়ে আমাৰ বহু সময় লাগিব।

সুশান্ত সিং ৰাজপুত আছিল ঘৰৰ আটাইতকৈ সৰু। খুড়াক আছিল বিহাৰৰ বিজেপি বিধায়ক। গোটেই পৰিয়ালটোৰে আছিল নয়নৰ মণি।
First published: June 28, 2020, 4:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading