নিজৰ চিনেমা ‘ছপাক’ মুক্তি লাভ কৰাৰ সময়ত জেএনইউৰ ছাত্ৰসমাজক সমৰ্থন কৰি দেশজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেত্ৰী দীপিকা পাডুকন। ইয়াৰ মাজতে নিউজ18 হিন্দীৰ সৈতে দীপিকা পাডুকনে ভাগ বটোৱাৰা কৰিলে কেতবোৰ ব্যক্তিগত বিশেষ কথা।
বিবাহিত জীৱনক লৈ দীপিকা পাডুকনে মুকলি কৰিছে কেতবোৰ গোপন তথ্য। বিয়াৰ পিছত জীৱনৰ পৰিৱৰ্তন সংক্ৰান্তত প্ৰশ্ন কৰোতে দীপিকাই কয়, বিয়াৰ পিছত জীৱনৰ একোকে পৰিৱৰ্তন হোৱা নাই। নিজৰ স্বামীগৃহত বোৱাৰীৰ দৰে নহয় জীয়ৰিৰ দৰে আচৰণ সকলোৰে। বিয়াৰ পূৰ্বে শহুৰৰ পৰিয়ালত বোৱাৰীয়ে সন্মুখীন হোৱাৰ নানা অত্যাচাৰৰ কথা শুনি বিয়াৰ আগতে উদ্বিগ্ন হৈছিল অভিনেত্ৰীগৰাকী। কিন্তু এতিয়া নিজকে ভাগ্যৱতী আখ্যা দি দীপিকাই কয়, শহুৰৰ ঘৰত মই ইমানেই সমৰ্থন পাইছো যে মোৰ নিজৰ মা–দেউতাই মোক লৈ এতিয়া অলপো চিন্তা নকৰে। শহুৰে মাজে মধ্যে কয়, কেনেকুৱা ছোৱালী তুমি দেউতাৰ কাৰণেও সময় নাই? এনে মৰমৰ গালি দিয়া শহুৰেকক নিজৰ পিতৃৰ দৰেই লাগে বুলি কয় দীপিকাই।
স্বামী ৰণবীৰ সিঙৰ ভগ্নী ঋতিকাৰ সৈতে সম মৰ্যাদা ঘৰত দীপিকাৰ, তেওঁ উল্লেখ কৰে। শহুৰেকৰ কাৰণে দুয়ো কন্যা। ‘ছপাক’ৰ বিষয়ে উল্লেখ কৰি দীপিকাই কয়, ছবিখনৰ চিত্ৰনাট্য পঢ়ি যথেষ্ট আৱেগিক হৈছিল তেওঁ। লক্ষ্মীৰ জীৱনৰ ঘটনাই বৰ বেয়াকৈ জোকাৰি গৈছিল দীপিকাক। কিছুমান চিনেমা বক্স অফিচৰ কাৰণে নহয় ভাল লগাৰ কাৰণেহে কৰা হয়। লক্ষ্মী আগৰৱালাৰ মেক আপ লোৱাৰ পিছত লক্ষ্মীয়ে তেওঁক কৈছিল, বাইদেউ আপোনাক একেবাৰে মোৰ নিচিনা লাগিছে। এই অভিজ্ঞতা মনৰ ৰৈ যাব বুলি কয় দীপিকাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|