কোৰোণা মহামাৰীয়ে দেশত সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিত যেতিয়া অসহায় হৈ পৰিছিল দেশৰ একাংশ লোক, সেইসময়ত তেওঁলোকৰ বাবে ভগৱানৰ দূত হৈ আহিছিল বলিউদৰ অভিনেতা চনু সুদ! বিগত বৰ্ষৰ ল'কডাউনৰ সময়ৰ পৰাই অভিনেতাজনে সকলোকে সহায় কৰি আহিছে।
চনু সুদৰ এই নিস্বাৰ্থ সেৱাৰ বাবে তেওঁক সকলোৱে ভগৱানৰ দূত বুলি মানিবলৈ বাধ্য হৈছিল। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ এই যাত্ৰাৰ সৈতে সম্পৰ্কিত সকলো কথা শ্বেয়াৰ কৰাৰ লগতে সাহায্য অভিযানৰ সময়ত তেওঁ সন্মুখীন হোৱা ভিন্ন অসুবিধাৰ বিষয়েও বৰ্ণনা কৰিছিল।
চনু সুদে ইমান বৃহৎ সংখ্যক লোকক কেনেকৈ সহায় কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয় এনেদৰ, "মই ক'ম যে প্ৰশাসনেও সহায় কৰি আছে, কিন্তু প্ৰতিজন মানুহে এনেকাম কৰিব লাগিব, কিয়নো এই মুহূৰ্তত সকলোকে সকলোৰে প্ৰয়োজন। মই নিজেই নাজানো মই এয়া কেনেকৈ কৰিছো। মই প্ৰায় ২২ ঘণ্টা ফোনত থাকো। আমাৰ ওচৰত সহায়ৰ বাবে প্ৰতিদিনে ৪০,০০০ ৰ পৰা ৫০,০০০ অনুৰোধ আহে। মই লাভ কৰা সকলো অনুৰোধৰ সমাধান কৰিবলৈ গ'লে ১১ বছৰ লাগিব। কিন্তু আমাৰ প্ৰথম প্ৰচেষ্টা হৈছে অধিকাংশ লোকৰ জীৱন ৰক্ষা কৰা।"
ইপিনে নিজৰ ধৈৰ্য্যশক্তিৰ বিষয়ে প্ৰশ্ন কৰাত চনু সুদে এটা কাহিনীৰ বৰ্ণনা কৰি কৈছিল এনেদৰে, "আমি এগৰাকী ছোৱালীক হাস্পতালত বিচনা দিয়াৰ চেষ্টা কৰিছিলো, কিন্তু সেয়া হোৱা নাছিল । নিশা প্ৰায় ১ বজাত আৰু তাইৰ ভনীয়েকে ফোনত কান্দি আছিল আৰু কৈছিল অনুগ্ৰহ কৰি তাইক বচাই লওক, অন্যথা পৰিয়ালটো শেষ হৈ যাব। তেতিয়া মই বৰ বিচলিত হৈ পৰিছিলো, মই প্ৰাৰ্থনা কৰিছিলো যাতে ছোৱালীজনী ৰাতিপুৱালৈ জীয়াই থাকে আৰু আমি তাইক এখন বিচনা দিব পাৰো। তাৰ পিছত পুৱা ৬ বজাত মই এটা ফোন পালো যে তাইক আমি বিচনা দিবলৈ সক্ষম হৈছে আৰু আজি তাই সুস্থ । সহায় কৰিবলৈ পাই আমি আনন্দিত, এই সময়চোৱাত আমি খং আৰু নেতিবাচকতা এৰি মানুহক সহায় কৰা উচিত ।"
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 08, 2021, 14:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।