চনু সুদৰ লগ কৰিবলৈ খালী ভৰিৰে হায়দৰাবাদৰ পৰা মুম্বাইলৈ আহিল অনুৰাগী, অভিনেতাগৰাকীয়ে ক'লে - 'মোৰ বাবে এনে কষ্ট নকৰিব'

News18 Assam | News18-Assam
Updated:June 11, 2021, 5:18 PM IST
চনু সুদৰ লগ কৰিবলৈ খালী ভৰিৰে হায়দৰাবাদৰ পৰা মুম্বাইলৈ আহিল অনুৰাগী, অভিনেতাগৰাকীয়ে ক'লে - 'মোৰ বাবে এনে কষ্ট নকৰিব'
চনু সুদে অলপতে তেওঁৰ এগৰাকী অনুৰাগীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য'ত তেওঁ বৰ্ণনা কৰিছিল কেনেকৈ তেওঁক লগ কৰিবলৈ হাইদৰাবাদৰ পৰা মুম্

চনু সুদে অলপতে তেওঁৰ এগৰাকী অনুৰাগীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য'ত তেওঁ বৰ্ণনা কৰিছিল কেনেকৈ তেওঁক লগ কৰিবলৈ হাইদৰাবাদৰ পৰা মুম্

  • Share this:
কোভিড কালৰ মাজতে মানুহৰ বাবে ইশ্বৰৰ দূত হৈ পৰা অভিনেতা চনু সুদক এবাৰ লগ কৰিবলৈ এতিয়া দূৰদূৰণিৰ আহে অনুৰাগী। ছচিয়েল মিডিয়াত প্ৰায়েই চনু সুদে সেই কথা উল্লেখ কৰি আহিছে।

চনু সুদে বহুবাৰ কৈছে যে, তেওঁ এতিয়ালৈকে যি কৰিবলৈ সক্ষম হৈছে, সেয়া একমাত্ৰ তেওঁৰ অনুৰাগীসকলৰ প্ৰাৰ্থনাৰ বাবেহে কৰিব পাৰিছে ।

শেহতীয়াকৈ ইনষ্টাগ্ৰামত এগৰাকী অনুৰাগীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল চনু সুদে । য'ত তেওঁ বৰ্ণনা কৰিছিল যে, কেনেকৈ অনুৰাগীগৰাকীয়ে তেওঁক লগ কৰিবলৈ খালী ভৰিৰে হায়দৰাবাদৰ পৰা আহি মুম্বাই উপস্থিত হৈছিল।

শ্বেয়াৰ কৰা ফটোখনত এজন অনুৰাগীৰ সৈতে চনুৱে পোজ দিয়া দেখা গৈছে। য'ত অভিনেতাজনৰ অনুৰাগীক তেওঁৰ প্ৰিয় নায়কৰ এখন পোষ্টাৰ হাতত লৈ হাঁহি থকা দেখা গৈছে। পোষ্টাৰখনত 'হায়দৰাবাদ টু মুম্বাই' বুলি লিখা আছিল। অনুৰাগীৰ সৈতে নিজৰ ফটোখন শ্বেয়াৰ কৰি চনুৱে লিখিছিল, 'ভেংকেটেশ, এই ল'ৰাজনৰ বাবে মুম্বাইত উপস্থিত হ'বলৈ পৰিবহণৰ ব্যৱস্থা কৰা স্বত্বেও তেওঁ মোক লগ কৰিবলৈ খালী ভৰিৰে হায়দৰাবাদৰ পৰা মুম্বাইলৈ আহিছে । তেওঁ সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক, মই ইয়াৰ বাবে কৃতজ্ঞ।"

একে সময়তে, অভিনেতাজনে তেওঁৰ সকলো অনুৰাগীক অনুৰোধ কৰি লিখে এনেদৰে "অনুগ্ৰহ কৰি ! মই কাকো এনে ধৰণৰ কষ্ট হাতত ল'বলৈ উৎসাহিত কৰা নাই । Love You all"

ইপিনে ছবিখনত অনুৰাগীৰ হাঁহিটোৱে কৈছে যে, প্ৰিয় নায়ক চনুক লগ কৰিবলৈ কিদৰে আগ্ৰহী হৈ আছিল।

উল্লেখ্য যে, বিগত বছৰৰ প্ৰথমটো লকডাউনৰ পৰাই আৰ্তজনক ধাৰাবাহিকভাৱে সহায় কৰি সকলোৰে বাবে ভগৱান স্বৰূপ হৈ পৰিছে অভিনেতা চনু সুদ। মানুহক কোৰোণাৰ পৰা সুৰক্ষিত কৰাই হওক বা চাকৰি, কাম-কাজৰ ব্যৱস্থা কৰাই হওক, চনু সুদে সকলো সম্ভৱ কাম কৰি মানুহক সহায় কৰি আহিছে। যাৰ দ্বাৰা তেওঁ হৃদয় জিনিছে দেশবাসীৰ, হৈ পৰিছে বাস্তৱ জীৱন হিৰো।
Published by: Himangshu Bhuyan
First published: June 11, 2021, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি