উত্তৰ প্ৰদেশৰ আলীগড়ত আঢ়ৈ বছৰীয়া কণমানিক হত্যা প্ৰসংগত টুইট কৰি বিতৰ্কত সোমাল সোনম কাপুৰ

এফালে বলীউডৰ বিখ্যাত চেলিব্ৰিটীয়ে ঘটনাত জড়িতৰ লগত কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰি আছে। সেইসময়তে অভিনেত্ৰী সোনম কাপুৰে টুইটাৰত আলীগড় হত্যাকাণ্ড সন্দৰ্ভত কৰিলে টুইট। কিন্তু সোনমৰ এই টুইটে সৃষ্টি কৰিলে বিতৰ্কৰ।

news18assam
Updated:June 8, 2019, 5:53 PM IST
উত্তৰ প্ৰদেশৰ আলীগড়ত আঢ়ৈ বছৰীয়া কণমানিক হত্যা প্ৰসংগত টুইট কৰি বিতৰ্কত সোমাল সোনম কাপুৰ
এফালে বলীউডৰ বিখ্যাত চেলিব্ৰিটীয়ে ঘটনাত জড়িতৰ লগত কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰি আছে। সেইসময়তে অভিনেত্ৰী সোনম কাপুৰে টুইটাৰত আলীগড় হত্যাকাণ্ড সন্দৰ্ভত কৰিলে টুইট। কিন্তু সোনমৰ এই টুইটে সৃষ্টি কৰিলে বিতৰ্কৰ।
news18assam
Updated: June 8, 2019, 5:53 PM IST
উত্তৰ প্ৰদেশৰ আলীগড় শিশু হত্যাৰ ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। এটি আঢ়ৈ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। কণমানিটিৰ সৈতে হোৱা নাই ধৰ্ষণ এই দাবী আৰক্ষীৰ। কিন্তু এই ঘটনাৰ পিছতে দেশৰ কোণে–কোণে ক্ষোভৰ সৃষ্টি হৈছে আৰু অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। বলীউডৰ অভিনেতা–অভিনেত্ৰীসকলোৱেও একেমুখে ধিক্কাৰ দিছে এনে পাশৱিক কাণ্ডক।

এফালে বলীউডৰ বিখ্যাত চেলিব্ৰিটীয়ে ঘটনাত জড়িতৰ লগত কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰি আছে। সেইসময়তে অভিনেত্ৰী সোনম কাপুৰে টুইটাৰত আলীগড় হত্যাকাণ্ড সন্দৰ্ভত কৰিলে টুইট। কিন্তু সোনমৰ এই টুইটে সৃষ্টি কৰিলে বিতৰ্কৰ। অভিনেত্ৰীগৰাকীয়ে কৰা টুইটৰ পিছতে তেওঁক ট্ৰ’ল কৰিব আৰম্ভ কৰিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে।



অভিনেত্ৰী সোনম কাপুৰে টুইটাৰত লিখিছে যে,
কণমানিটিৰ সৈতে হোৱা এই ঘটনা যথেষ্ট ভয়ানক আৰু দুখদায়ক। মই কণমানিটি আৰু তাইৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাম। লগতে সোনমে লিখিলে যে, মই সকলোকে নিবেদন জনাইছো যে এই ঘটনাক ব্যক্তিগত এজেণ্ডাৰূপে গ্ৰহণ নকৰিব। এয়া এটি কণমানি শিশুৰ হত্যাৰ ঘটনা আৰু এই ঘটনাক হিংসা বিয়পোৱাত ব্যৱহাৰ নকৰিব।
এই টুইটৰ পিছতে তেওঁক ট্ৰ’ল কৰিব আৰম্ভ কৰিছিল ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মন্তব্য– হিন্দু হোৱাত লজ্জাবোধ কৰিছিলো, এতিয়া মুছলমান হোৱাত লজ্জাবোধ কৰা নাই।



আনহাতে, এগৰাকী ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিলে যে, সোনম কাপুৰ হিংসাটো আপোনালোকৰ দৰে মানুহে বিয়পায়। হিন্দুৰ বাবে পৃথক ন্যায় আৰু মুছলমানৰ বাবে পৃথক ন্যায়!



 
আৰু চাওক পৰৱৰ্তী বাতৰি