মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Shilpa Shetty : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিলে শিল্পা শেট্টীয়ে, ক’লে এইসমূহ কথা

Shilpa Shetty : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিলে শিল্পা শেট্টীয়ে, ক’লে এইসমূহ কথা

News18 Assam | News18-Assam
Updated:August 2, 2021, 3:34 PM IST
Shilpa Shetty : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিলে শিল্পা শেট্টীয়ে, ক’লে এইসমূহ কথা
বিগত মাহত ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অশ্লীল ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰচাৰ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

বিগত মাহত ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অশ্লীল ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰচাৰ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

  • Share this:
শিল্পী শেট্টী (Shilpa Shetty)য়ে স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)ক পৰ্ণ ছবিৰে জড়িত ঘটনাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পিছত প্ৰথমবাৰলৈ নিজৰ ফালৰ পৰা আগবঢ়াইছে মন্তব্য। ছচিয়েল মিডিয়াত এটা পোষ্ট লিখি শিল্পা শেট্টীয়ে কয়, বিগত কিছুদিন ধৰি তেওঁৰ বাবে প্ৰত্যাহ্বানেৰে ভৰা আছিল। কিন্তু তেওঁ এতিয়ালৈ এই বিষয়ত নিজৰ মৌনতা ভংগ কৰা নাই। উল্লেখযোগ্য যে বিগত মাহত ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অশ্লীল ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰচাৰ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। এতিয়াও জিম্মাত আছে ৰাজ।

পোষ্টটোত শিল্পাই কয়, ‘হয়, বিগত কিছুদিন মোৰ বাবে বহুত প্ৰত্যাহ্বানেৰে ভৰা আছিল। মোৰ ওপৰত মিডিয়া আৰু মোৰ শুভাকাংক্ষী (নহয়)ৰ ফালৰ পৰা বহু অভিযোগ, উৰাবাতৰি ওলাইছে। কিছুমান মানুহে মোক ট্ৰ’ল কৰিছে আৰু কিছুমানে কেৱল মোৰ ওপৰতে নহয় মোৰ পৰিয়াললৈও প্ৰশ্ন উঠাইছে। মোৰ মন্তব্য হয় – মই ইয়াৰ ওপৰত এতিয়ালৈ একো কোৱা নাই।

শিল্পাই কয়, ‘‘মই আগলৈও এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা আঁতৰত থাকিব বিচাৰিম। মই এই ঘটনাক লৈ একো নকওঁ, সেইবাবে অনুগ্ৰহ কৰি মোক লৈ মিছা মন্তব্য কৰা বন্ধ কৰক। দেশৰ ন্যায়পালিকা আৰু মুম্বাই আৰক্ষীৰ তদন্তৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে।’’



‘‘এটা পৰিয়াল হিচাপে, আমি সকলো আইনী ব্যৱস্থাৰ আশ্ৰয় লৈ আছো। কিন্তু আপোনালোকলৈ মিনম্ৰতাৰে অনুৰোধ কৰিছো, বিশেষকৈ এগৰাকী মাতৃ হিচাপে – মোৰ সন্তানৰ বাবে আমাৰ গোপনীয়তাক সন্মান কৰক আৰু আপোনালোকলৈ অনুৰোধ যে আপোনালোকে সত্যতা নথকাকৈ আধৰুৱা তথ্য বা মন্তব্য নকৰিব।’’ – এইদৰে পোষ্টটোত উল্লেখ কৰে শিল্পাই।



শিল্পাই লিখিছে, ‘‘মই এগৰাকী গৌৰৱান্বিত আইন পালনকাৰী ভাৰতীয় নাগৰিক। মানুহে মোক বিশ্বাস কৰিছে আৰু মই কেতিয়াও কাকো নিৰাশ নকৰো। সেইবাবে, মই আপনালোকক অনুৰোধ কৰিছো যে এই সময়ত মই মোৰ পৰিয়াল আৰু গোপনীয়তাৰ ‘মোৰ অধিকাৰ’ক সন্মান কৰক। আইনক নিজৰ কাম কৰিবলৈ দিয়ক।
Published by: Sanjay Kumar Das
First published: August 2, 2021, 3:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি