মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোৰোণা ৰোগীৰ সহায়ৰ বাবে আগবঢ়োৱা হ'ব 'ৰাধে' ছবিৰ সমস্ত উপাৰ্জন,  প্ৰযোজনাগোষ্ঠীয়ে ল'লে সিদ্ধান্ত

কোৰোণা ৰোগীৰ সহায়ৰ বাবে আগবঢ়োৱা হ'ব 'ৰাধে' ছবিৰ সমস্ত উপাৰ্জন,  প্ৰযোজনাগোষ্ঠীয়ে ল'লে সিদ্ধান্ত

ছলমান খানৰ বহু চৰ্চিত ছবি "ৰাধে: ইয়ৰ মোষ্ট ৱান্টেড ভাই"(Radhe : Your Most Wanted Bhai)ৰ নিৰ্মাতাসকলে হাতত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কোৰোণা সংহাৰৰ সৈতে যুঁজি থকাসকলক সহায়ৰ বাবে আগবঢ়োৱা হ'ব ছবিখনৰ সমস্ত উপাৰ্জন।

  • Share this:
অতিমাৰী কোৰোণাৰ সংহাৰ সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ । প্ৰতিদিনে দেশত লক্ষাধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে চিকিৎসালয়তো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ । চিকিৎসালয়ত বিচনাৰ অভাৱ, আনকি ঔষধ আৰু অক্সিজেনৰ অভাৱৰ বাবেই দেশত এতিয়া মৃত্যুক সাৱটিছে বহু কোভিত আক্ৰান্ত ৰোগীয়ে ।

দেশৰ এনে ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহু লোক,সংস্থা সহায়ৰ বাবে আগবাঢ়ি আহিছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। ইয়াৰ মাজতে ছলমান খান অভিনীত "ৰাধে: ইয়ৰ মোষ্ট ৱান্টেড ভাই (Radhe : Your Most Wanted Bhai)"ৰ নিৰ্মাতাসকলে হাতত লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ । কোৰোণা সংহাৰৰ সৈতে যুঁজি থকাসকলক সহায়ৰ বাবে ছবিখনৰ সমস্ত উপাৰ্জন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ছলমান খান ফিল্মছ আৰু জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজে।

ছবিখনৰ নিৰ্মাতাসকলৰ মতে, "অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে আমাৰ দেশ আৰু এক দায়িত্বশীল কৰ্পোৰেট গোষ্ঠী হিচাপে কোভিড বিৰোধী যুঁজ শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে জি প্ৰতিশ্ৰুতিবদ্ধ। আমি কেৱল আমাৰ দৰ্শকসকলক ব্যতিক্ৰমী মনোৰঞ্জন প্ৰদান কৰাতেই বিশ্বাস নকৰো। সেয়েহে সমগ্ৰ দেশতে ইতিবাচক পৰিৱৰ্তন আনিবলৈ এক অৰ্থপূৰ্ণ প্ৰচেষ্টাৰ দিশত আগবাঢ়িছো। আশা কৰিছো যে, ৰাধে ছবিৰ মুক্তিৰ পিছত লাভ কৰা উপাৰ্জনেৰে আমি মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক কিছু সকাহ দিব পাৰিম ।"

দুয়োটা কোম্পানীয়ে মহামাৰীৰ ফলত বাৰুকৈয়ে প্ৰভাৱিত দৈনিক মজুৰীপ্ৰাপ্ত শ্ৰমিকৰ পৰিয়ালক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ছলমান খান ফিল্মছৰ এগৰাকী মুখপাত্ৰই এই সম্পৰ্কত কয়, "আমি এই মহান পদক্ষেপৰ অংশ হ'বলৈ পাই সুখী , যাৰ দ্বাৰা আমি কোভিড-১৯ৰ বিৰোধী দেশৰ এই যুঁজত অলপ হ'লেও আমাৰ অৰিহণা আগবঢ়াম । "

উল্লেখ্য যে, ১৩ মে'ৰ দিনা ঈদ উপলক্ষে মুক্তি লাভ কৰিব ছলমান খানৰ এই বহু প্ৰতীক্ষিত ছবিখনে।

শেহতীয়া বাতৰি