অভিনেত্ৰী ৰেখাৰ ঘৰ ছীল, ছিকিউৰিটীৰ গাৰ্ডৰ দেহত ধৰা পৰিছিল কোৰোণা পজিটিভ

News18 Assam | News18-Assam
Updated:July 12, 2020, 7:24 AM IST
অভিনেত্ৰী ৰেখাৰ ঘৰ ছীল, ছিকিউৰিটীৰ গাৰ্ডৰ দেহত ধৰা পৰিছিল কোৰোণা পজিটিভ
ৰেখাৰ বাংলোৰ বাহিৰতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে।

ৰেখাৰ বাংলোৰ বাহিৰতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে।

  • Share this:
কৰণ জোহৰ, জাহ্নৱী কাপুৰ আৰু আমিৰ খানৰ ষ্টাফৰ পিছত এইবাৰ বলীউদৰ প্ৰখ্যাত অভিনেত্ৰী ৰেখাৰ ছিকিউৰিটী গাৰ্ডৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। এই ঘটনাৰ পিছতে বি এম চিয়ে ৰেখাৰ বাংলো ছীল কৰে। ইয়াৰ লগতে ৰেখাৰ বাংলোৰ বাহিৰতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে।

উল্লেখযোগ্য যে অভিনেত্ৰী ৰেখাৰ বাংলো বান্দ্ৰাৰ বেণ্ডষ্টেণ্ড অঞ্চলত আছে আৰু তাৰ নাম ‘ছি স্প্ৰীং’। খবৰ অনুসৰি, ৰেখাৰ বাংলোৰ বাহিৰত সদায় দুজন ছিকিউৰিটী গাৰ্ড থাকে। তাৰ ভিতৰত এজনৰ দেহত ওলাইছে কোৰোণা পজিটিভ। পজিটিভ ৰিপ’ৰ্ট অহাৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। বিএমচিয়ে সমগ্ৰ এলেকাটো ছীল কৰি দিয়ে। এই ঘটনাক লৈ এতিয়ালৈ ৰেখা বা অভিনেত্ৰীগৰাকীৰ মুখপাত্ৰই কোনো মন্তব্য প্ৰকাশ কৰা নাই।
Published by: Sanjay Kumar Das
First published: July 12, 2020, 7:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading