পাঞ্জাৱী গায়ক গুৰু ৰন্ধাৱাৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ, মুৰত প্ৰচণ্ড আঘাত

গাড়ীত বহি থকা অৱস্থাত গুৰু ৰন্ধাৱাৰ ওপৰত এজন অজ্ঞাত ব্যক্তিয়ে আক্ৰমণ চলায়।

News18
Updated:July 30, 2019, 3:32 PM IST
পাঞ্জাৱী গায়ক গুৰু ৰন্ধাৱাৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ, মুৰত প্ৰচণ্ড আঘাত
গাড়ীত বহি থকা অৱস্থাত গুৰু ৰন্ধাৱাৰ ওপৰত এজন অজ্ঞাত ব্যক্তিয়ে আক্ৰমণ চলায়।
News18
Updated: July 30, 2019, 3:32 PM IST
বলিউডৰ তথা পাঞ্জাৱী সংগীতৰ জনপ্ৰিয় শিল্পী গুৰু ৰন্ধাৱাৰ ওপৰত এজন অজ্ঞাত ব্যক্তিয়ে আক্ৰমণ চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে গুৰু ৰন্ধাৱা। এক শ্ব’ শেষ কৰি উভতাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। গুৰু ৰন্ধাৱাৰ এজন বন্ধুয়ে ছচিয়েল মিডিয়াত এই সন্দৰ্ভত পোষ্ট দি সদৰি কৰিছে।

সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি গুৰু ৰন্ধাৱাৰ ওপৰত এই আক্ৰমণ কানাডাৰ ভেংকুৱাৰত সংঘটিত হৈছে। শ্ব’ শেষ কৰি নিজৰ গাড়ীত বহাৰ সময়তে কোনোবা অজ্ঞাত ব্যক্তিয়ে তেওঁৰ মুৰত আঘাত কৰে। এই আক্ৰমণত গুৰু আঘাতপ্ৰাপ্ত হয় যদিও বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ গুৰু ৰন্ধাৱাৰ এজন ঘনিষ্ঠ বন্ধুৱে এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, তেওঁ গুৰু ৰন্ধাৱাৰ ওপৰত হোৱা আক্ৰমণৰ কথা সদৰি কৰিছে। গুৰুৰ এইজন বন্ধু হৈছে আন এজন পাঞ্জাৱী গায়ক প্ৰীত হৰপাল।

উল্লেখযোগ্য যে গুৰু ৰন্ধাৱা এজন জনপ্ৰিয় পাঞ্জাৱী গায়ক আৰু তেওঁ কেইবাটাও হিট গান বলিউডক উপহাৰ দি থৈছে। লাহোৰ, পটোলা, দাৰু ৱৰগী, হাই ৰেটেড গবৰুৰ দৰে গান যথেষ্ট জনপ্ৰিয় সমগ্ৰ দেশ আৰু বিদেশতো। 
আৰু চাওক পৰৱৰ্তী বাতৰি