ৰাণু মণ্ডলৰ কন্যাইও এইবাৰ গালে মাকৰ সৈতে গান! চাওক ভিডিঅ’

News18-Assam
Updated:September 9, 2019, 10:41 AM IST
ৰাণু মণ্ডলৰ কন্যাইও এইবাৰ গালে মাকৰ সৈতে গান! চাওক ভিডিঅ’
ৰাণু মণ্ডলে হিমেশ ৰেশামিয়াৰ চিনেমাৰ কাৰণে দুটা গান ইতিমধ্যে ৰেক’ৰ্ড কৰিছে। ৰাণুৰ কাহিনী চৰ্চিত হোৱাৰ লগে লগে তেওঁৰ পৰা দূৰে দূৰে থকা তেওঁৰ জীয়ৰি এলিজাবেথ সাথী ৰয় তেওঁৰ কাষলৈ ওভটি আহিছিল। 

ৰাণু মণ্ডলে হিমেশ ৰেশামিয়াৰ চিনেমাৰ কাৰণে দুটা গান ইতিমধ্যে ৰেক’ৰ্ড কৰিছে। ৰাণুৰ কাহিনী চৰ্চিত হোৱাৰ লগে লগে তেওঁৰ পৰা দূৰে দূৰে থকা তেওঁৰ জীয়ৰি এলিজাবেথ সাথী ৰয় তেওঁৰ কাষলৈ ওভটি আহিছিল। 

  • News18 Assam
  • Last Updated: September 9, 2019, 10:41 AM IST
  • Share this:
ৰেলেৱে প্লেটফৰ্মৰ পৰা আহি ইণ্টাৰনেট ষ্টাৰ হৈ পৰা ৰাণু মণ্ডলক লৈ চৰ্চা আৰু বিতৰ্কৰ শেষ নাই। ৰাণুক এতিয়া সকলোৱে চিনি পায়। হিমেশ ৰেশামিয়াৰ চিনেমাৰ কাৰণে দুটাকৈ গান ৰেকৰ্ড কৰা ৰাণুৰ কাহিনী পোহৰলৈ অহাৰ লগে লগে কাষ চাপিছিলহি ইমানদিনে মাকৰ বিশেষ দায়িত্ব নোলোৱা তেওঁৰ কন্যা এলিজাবেথ সাথী ৰয়।

শেহতীয়াকৈ মাকৰ সফলতাত অনুপ্ৰাণিত হৈ জীয়ৰিয়েও নিজৰ প্ৰতিভা দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা গৈছে। ৰাণু মণ্ডলৰ কন্যাইও নিজৰ মাকৰ দৰেই গান গোৱা দেখিবলৈ পোৱা গ’ল। এলিজাবেথে নিজৰ মাক ৰাণু মণ্ডলৰ সৈতে গান গাই থকা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’ত এলিজাবেথে ‘আজ কল তেৰে মেৰে প্যাৰ কে চৰ্চে’ গীতটি গোৱা দেখিবলৈ পোৱা গৈছে আৰু কাষত হাঁহিমুখে ৰৈ থকা দেখা গৈছে মাতৃ ৰাণু মণ্ডলক।




 





View this post on Instagram




 

@realhimesh #renumandal #singing #singer #newsinger #shooting #tarimarikhani #bollywood #bati


A post shared by Ranu mondal (@ranu.mondal09) on








 




View this post on Instagram




 

@realhimesh #renumandal #singing #singer #newsinger #shooting #tarimarikhani #bollywood #bati


A post shared by Ranu mondal (@ranu.mondal09) on






উল্লেখযোগ্য যে ৰাণু মণ্ডলৰ কন্যাই শেহতীয়াকৈ মাতৃৰ নাম সকলোৰে মাজত পৰিচিত কৰাই দিয়া অতীন্দ্ৰ চক্ৰৱৰ্তী আৰু ৰাণু মণ্ডলৰ চোৱা চিতা কৰা ক্লাৱৰ সদস্যৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিছিল। মাকক চাবলৈ যাবলৈ নিদিয়াৰ লগতে মাকৰ টকাত চকু থকা বুলি কৈছিল অতীন্দ্ৰক।
First published: September 9, 2019, 10:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading