শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ভিডিঅ’
শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ভিডিঅ’
দেশত প্ৰত্যেক দিনাই বৃদ্ধি পাইছে কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। ল’ক ডাউনৰ মাজতো কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো সঁচাকৈয়ে এক উদ্বেগজনক বিষয়। দেশত এইপৰ্যন্ত ২১,৭০০ ৰোগীৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।
দেশৰ এনে স্পৰ্শকাতৰ সময়ত কেন্দ্ৰীয় চৰকাৰেও জনসাধাৰণক সেৱা কৰাত দিন ৰাতি একাকাৰ কৰিছে। বিভিন্ন জনে কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰক বিভিন্ন ধৰণে কৰিছে সহায়।
অভিনেতা শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানে নিজৰ ‘মীৰ ফাউণ্ডেছন’ৰ চাৰি মহলীয়া অফিচ কোৱাৰেণ্টাইন জ’ন নিৰ্মাণৰ বাবে বিএমচিলৈ আগবঢ়াইছিল। এতিয়া এই সম্পূৰ্ণ অফিছ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে নিৰ্মাণ কৰা হ’ল। অভিনেতা শ্বাহৰুখৰ পত্নী গৌৰী খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ইয়াৰ সবিশেষ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|