• Home
  • »
  • News
  • »
  • nation
  • »
  • ছনু সুদৰ ঘৰত আজি পুনৰ আয়কৰ বিভাগৰ অভিযান, বুধবাৰেও চলিছিল অভিযান

ছনু সুদৰ ঘৰত আজি পুনৰ আয়কৰ বিভাগৰ অভিযান, বুধবাৰেও চলিছিল অভিযান

কোভিড মহামাৰীৰ সময়ত মানুহক বিভিন্ন প্ৰকাৰে সহায় কৰি সংবাদ মাধ্যম আৰু সাধাৰণ লোকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল ছনু সুদে।

  • Share this:
বলীউদৰ অভিনেতা ছনু সুদৰ (Sonu Sood)ৰ বাসগৃহ আৰু কাৰ্যালয়ত দ্বিতীয় দিনৰ বাবে আয়কৰ বিভাগৰ অভিযান। বুধবাৰে ২০ ঘণ্টাৰো অিক চলা ছাৰ্ভেৰ পিছত আজি পুনৰ আয়কৰ বিভাগে অভিযান আৰম্ভ কৰিছে। বুধবাৰে ছনু সুদৰ ছটা ঠিকনাত ছাৰ্ভে অভিযান চলিছিল। অৱশ্যে এই অভিযানত কি তথ্য লাভ কৰিছে সেয়া আয়কৰ বিভাগে এতিয়ালৈ সদৰি কৰা নাই।

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, আয়কৰ বিভাগৰ দলে ছনু সুদৰ এক চুক্তিক লৈ অভিযান চলাইছে, যি চুক্তি অভিনেতাগৰাকীয়ে লক্ষ্ণৌৰ এটা ৰিয়েল ইষ্টেট কোম্পানীৰ সৈতে কৰিছিল।

কোভিড মহামাৰীৰ সময়ত মানুহক বিভিন্ন প্ৰকাৰে সহায় কৰি সংবাদ মাধ্যম আৰু সাধাৰণ লোকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল ছনু সুদে। এই সময়ত বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকক ঘৰলৈ ওভতাৰ ক্ষেত্ৰত সহায় কৰিছিল ছনু সুদে।

২০১২তো আয়কৰ বিভাগে ছনু সুদৰ ঘৰত অভিযান চলাইছিল। ছনু সুদে তেতিয়া ৩০ কোটি টকাৰ সম্পত্তি ক্ৰয় কৰিছিল। ইয়াৰ পিছত আয়কৰ বিভাগে তেওঁৰ ঘৰত অভিযান চলাইছিল।
Published by:Sanjay Kumar Das
First published: