অক্ষয় কুমাৰ অভিনীত ছবি হাউচফুল ৪ৰ ছাউণ্ড টেকনেচিয়ান নিমিষ পিলাংকাৰে মাত্ৰ ২৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে। একেৰাহে কেইবা ঘণ্টা ধৰি কাম কৰি আছিল নিমিষে। হঠাৎ উচ্চ ৰক্তচাপ জনীত সমস্যাত ভূগি নিমিষৰ মগজুত ৰক্তক্ষৰণ হয় আৰু কাম কৰি থকাৰ অৱস্থাতে মৃত্যুবৰণ কৰে।
নিমিষে হাউচফুল ৪, বায়পাছ ৰোড, মৰজাবাৰ দৰে ছবিত ছাউণ্ড টেকনেছিয়ানৰ কাম কৰিছিল। নিমিষৰ মৃত্যু বলীউদৰ বহু কলা কৌশলীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। অভিনেতা অক্ষয় কুমাৰে টুইটাৰৰ জৰিয়তে নিমিষৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকস্তব্ধ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, এখন ৱেব চিৰিজৰ কামৰ বাবে এই কেইদিন অত্যন্ত ব্যস্ত আছিল নিমিষ। কিছুদিনৰ পৰা যথেষ্ট চিন্তাত থকাও দেখা গৈছিল। অত্যাধিক কামৰ বোজা আৰু মানসিক চাপ লোৱাৰ ফলতেই এনেদৰে নিমিষে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি বিভিন্ন মহলত চৰ্চা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|