‘মোৰ শৰীৰটো বিক্ৰী কৰিব বিচাৰিছিল পৰিচালকে’ – এইবাৰ মুখ খুলিলে এইগৰাকী অভিনেত্ৰীয়ে

News18 Assam | News18-Assam
Updated:June 30, 2020, 12:12 PM IST
‘মোৰ শৰীৰটো বিক্ৰী কৰিব বিচাৰিছিল পৰিচালকে’ – এইবাৰ মুখ খুলিলে এইগৰাকী অভিনেত্ৰীয়ে
বলীউদৰ নেপ’টিজিমৰ বিৰুদ্ধে মুখ খুলিছে এগৰাকীৰ পিছত আনগৰাকী অভিনেতা–অভিনেত্ৰীয়ে।

বলীউদৰ নেপ’টিজিমৰ বিৰুদ্ধে মুখ খুলিছে এগৰাকীৰ পিছত আনগৰাকী অভিনেতা–অভিনেত্ৰীয়ে।

  • Share this:
বলীউদত নেপ’টিজিম শব্দটো ব্যাপকভাৱে চৰ্চিত হৈছে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা। ইয়াৰ বিৰুদ্ধে মুখ খুলিছে এগৰাকীৰ পিছত আনগৰাকী অভিনেতা–অভিনেত্ৰীয়ে। এইবাৰ নেপ’টিজিমক লৈ বিস্ফোৰক মন্তব্য কৰিছে ‘বিগ বছ’খ্যাত অভিনেত্ৰী ছ’ফিয়া হায়াতে। এক ৱেবছাইটক দিয়া সাক্ষাৎকাৰত ছ’ফিয়াই কয়, ‘মোৰ সৈতে অভৱ্য ব্যৱহাৰ কৰিছিল পৰিচালকে। মোক বিক্ৰী কৰাৰ চেষ্টা কৰা হৈছিল!’

বিগ বছত অংশগ্ৰহণ কৰি দৰ্শকৰ মন জয় কৰিছিল ছ’ফিয়াই। তাৰ পিছতে চিনেমাত অভিনয়ৰ বাবে অফাৰ আহিবলৈ আৰম্ভ কৰিছিল। সাক্ষাৎকাৰত ছ’ফিয়াই কয়, ‘মোৰ হাতত বহু চিনেমাৰ অফাৰ আহিছিল। কেইবাখনতো কাম আৰম্ভও কৰিছিলো। কিন্তু কিছু কাম আগবাঢ়োতেই মোৰ সৈতে অভৱ্য আচৰণ আৰম্ভ কৰিছিল ছবিৰ পৰিচালক আৰু আন অভিনেতাই। মোৰ সৈতে যৌনতাত লিপ্ত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। যেতিয়া মই সন্মত হোৱা নাছিলো তেতিয়া মোৰ দৃশ্যসমূহ এডিট কৰা হৈছিল। ইমানেই নহয়, মোৰ শৰীৰটো বিক্ৰী কৰাৰো চেষ্টা চলাইছিল প্ৰযোজকে।’
First published: June 30, 2020, 12:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading