মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»অৱশেষত NCBৰ জেৰাত দীপিকাই স্বীকাৰ কৰিলে নিজৰ ভুল, ড্ৰাগছ গ্ৰহণ কৰিছিল নেকি অভিনেত্ৰীগৰাকীয়ে?

অৱশেষত NCBৰ জেৰাত দীপিকাই স্বীকাৰ কৰিলে নিজৰ ভুল, ড্ৰাগছ গ্ৰহণ কৰিছিল নেকি অভিনেত্ৰীগৰাকীয়ে?

News18 Assam | News18-Assam
Updated:September 26, 2020, 2:59 PM IST
অৱশেষত NCBৰ জেৰাত দীপিকাই স্বীকাৰ কৰিলে নিজৰ ভুল, ড্ৰাগছ গ্ৰহণ কৰিছিল নেকি অভিনেত্ৰীগৰাকীয়ে?
হোৱাটচএপ গ্ৰুপৰ এডমিন আছিল দীপিকা। আৰু গ্ৰুপতেই ড্ৰাগছৰ সন্দৰ্ভত কথা বতৰা চলিছিল। গ্ৰুপত আছিল কৰিশ্মা আৰু সুশান্তৰ প্ৰাক্তন মেনেজাৰ জয় ছাহো।

হোৱাটচএপ গ্ৰুপৰ এডমিন আছিল দীপিকা। আৰু গ্ৰুপতেই ড্ৰাগছৰ সন্দৰ্ভত কথা বতৰা চলিছিল। গ্ৰুপত আছিল কৰিশ্মা আৰু সুশান্তৰ প্ৰাক্তন মেনেজাৰ জয় ছাহো।

  • News18 Assam
  • Last Updated: September 26, 2020, 2:59 PM IST
  • Share this:
অৱশেষত সকলো তথ্য পোহৰলৈ! NCB ৰ জেৰাত ড্ৰাগছৰ সন্দৰ্ভত হোৱাটছ এপৰ গ্ৰুপত কথা-বতৰা পতাৰ কথা স্বীকাৰ কৰিলে অভিনেত্ৰী দীপিকা পাডুকনে। কিন্তু ড্ৰাগছ সেৱন কৰাৰ কথা এই পৰ্যন্ত অভিনেত্ৰীগৰাকীয়ে স্বীকাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

পূৰ্বে জানিব পৰা গৈছিল যে, হোৱাটছএপ গ্ৰুপৰ এডমিন আছিল দীপিকা পাডুকন। আৰু সেই গ্ৰুপতে ড্ৰাগছৰ সন্দৰ্ভত কথা বতৰা চলিছিল। গ্ৰুপত আছিল কৰিশ্মা আৰু সুশান্তৰ প্ৰাক্তন মেনেজাৰ জয় ছাহ। গ্ৰুপত ড্ৰাগছৰ সন্দৰ্ভত কথা বতৰা পতাৰ কথা স্বীকাৰ কৰিলেও স্বীকাৰ কৰা নাই ড্ৰাগছ গ্ৰহণৰ কথা।

ইফালে NCBয়ে বৰ্তমানো জেৰা কৰি আছে শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলি খানক। ছাৰা আৰু শ্ৰদ্ধায়ো ড্ৰাগছ সেৱনৰ কথা অস্বীকাৰ কৰিছে। কিন্তু সুশান্তৰ ফাৰ্ম হাউচত তেওঁলোক উপস্থিত আছিল বুলি জনাইছে। আৰু সেই ঠাইতো ড্ৰাগছ পাৰ্টী হৈছিল। কিন্তু দুয়োগৰাকী অভিনেত্ৰীয়েই ড্ৰাগছ সেৱন কৰা নাছিল বুলি NCBৰ আগত উল্লেখ কৰিছে।
Published by: Himangshu Bhuyan
First published: September 26, 2020, 2:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি