• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোৱা চৰকাৰে বাতিল কৰিলে চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণ

Covid-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোৱা চৰকাৰে বাতিল কৰিলে চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণ

ফলদেশাই কৈছিল যে ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে গোৱাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সকলো অনুমতি বাতিল কৰা হৈছে।

ফলদেশাই কৈছিল যে ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে গোৱাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সকলো অনুমতি বাতিল কৰা হৈছে।

ফলদেশাই কৈছিল যে ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে গোৱাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সকলো অনুমতি বাতিল কৰা হৈছে।

  • Share this:
ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোৱা চৰকাৰে (Goa Government) চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণ বাতিল কৰিছে। ৰাজ্যখনত কোভিড-১৯ (Covid-19)ৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে এণ্টাৰটেইনমেণ্ট ছচাইটী অৱ গোৱা (ESG)ই চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰদান কৰা সকলো অনুমতি বাতিল কৰে। ইএছজিৰ গোৱা চৰকাৰৰ নোডেল এজেঞ্চী যাৰ ৰাজ্যখনত বাণিজ্যিক দৃশ্যগ্ৰহণৰ অনুমতি দিয়াৰ ক্ষমতা আছে।

ইএছজিৰ উপ-সভাপতি সুভাষ ফলদেশাই পিটিআইক কৈছিল যে মুম্বাই আৰু চেন্নাইৰ কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজকে দেশৰ বহু ঠাইত কোৰোণা সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে গোৱাত শ্বুটিং আৰম্ভ কৰিছিল।

ফলদেশাই কৈছিল যে ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে গোৱাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সকলো অনুমতি বাতিল কৰা হৈছে। তেওঁ কয়, 'আমি ৰাজ্যখনৰ কোনো ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ অনুমতি নিদিওঁ। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ইএছজিয়ে ইয়াৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিব।’

কেইদিনমান আগতে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে ৩ মে'লৈকে লকডাউন ঘোষণা কৰিছিল, কিন্তু টিভি শ্বুটিঙ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল কিয়নো তেওঁলোকে ৰিজৰ্ট আৰু ভিলাত চিত্ৰগ্ৰহণ কৰি আছিল। অৱশ্যে, এতিয়া বাঢ়ি অহা ঘটনাৰ সৈতে, গোৱা চৰকাৰে এতিয়াৰ বাবে সকলো শ্বুটিঙ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

চৰকাৰী তথ্য অনুসৰি, গোৱাত বুধবাৰে কোৰোণা ভাইৰাছ সংক্ৰমণৰ ৩,৪৯৬টা নতুন ঘটনাৰ প্ৰতিবেদন পোৱা গৈছিল। তাৰ পিছত সংক্ৰমিত লোকৰ সংখ্যা ১,০৪,৩৯৮ত উপনীত হৈছিল, আনহাতে ৰাজ্যখনত ৭১ গৰাকী ৰোগীৰ মৃত্যুৰ পিছত ৰাজ্যখনত মৃতকৰ সংখ্যা ১৪৪৩ গৰাকীলৈ বৃদ্ধি হৈছিল।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এদিনত অভিলেখ সংখ্যক ৪,১৪,১৮৮ টা নতুন কোৰোণা ভাইৰাছ সংক্ৰমণ ঘটনাৰ সৈতে, ভাৰতৰ মুঠ কোভিড-১৯ ৰোগীৰ সংখ্যা ২,১৪,৯১,৫৯৮ লৈ বৃদ্ধি পাইছে। আনহাতে সক্ৰিয় ঘটনাই ৩৬ লাখৰ সীমা অতিক্ৰম কৰিছে। পুৱা ৮ বজাত আপডেট কৰা তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত ৩,৯১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে মৃত্যুৰ সংখ্যা ২,৩৪,০৮৩ লৈ বৃদ্ধি পাইছে।
Published by:Sanjay Kumar Das
First published: