CAAক লৈ দুভাগ হ’ল বলীউদ! ছচিয়েল মিডিয়াত তীব্ৰ ককৰ্থনাৰ সন্মুখীন বিগ বি, শ্বাহৰুখ খান, ৰণবীৰ সিং

News18 Assam | News18-Assam
Updated:December 19, 2019, 1:07 PM IST
CAAক লৈ দুভাগ হ’ল বলীউদ! ছচিয়েল মিডিয়াত তীব্ৰ ককৰ্থনাৰ সন্মুখীন বিগ বি, শ্বাহৰুখ খান, ৰণবীৰ সিং
Source-Google

ছচিয়েল মিডিয়াত তীব্ৰ ককৰ্থনাৰ সন্মুখীন বিগ বি, শ্বাহৰুখ খান, ৰণবীৰ সিং

  • Share this:
দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বলীউদৰো বহু অভিনেতা অভিনেত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰিছে। কিন্তু বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন, শ্বাহৰুখ খান, ছলমান খান, ৰণবীৰ সিঙৰ দৰে তাৰকাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে। ফলত এতিয়া বিভিন্নজনে ছচিয়েল মিডিয়াত বলীউদৰ এই তাৰকা সকলক সমালোচনাৰে থকা সৰকা কৰিছে।



কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে বলীউদৰ বহু অভিনেতা অভিনেত্ৰীয়ে। অভিনেতা বৰুণ ধাৱানে কয় যে, শান্তিপূৰ্ণ আন্দোলন কৰা সকলক বলপূৰ্বক দমন কৰা কাৰ্য নিন্দনীয়।অভিনেত্ৰী ৰাধিকা আপ্তেও তীব্ৰ বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী আইনক। সেইদৰে সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কয় যে, দেশবাসীয়ে CAAৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা জামায়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক হিংসাত্মক কাৰ্যসূচীত জড়িত থকাৰ সন্দেহত বিশ্ববিদ্যালয়ৰ চৌহদতে আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যতো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। অভিনেত্ৰীগৰাকীয়ে কয় যে, এইবোৰ কথা সকলোৱে মনত ৰাখিব। প্ৰতিটো প্ৰতিবাদী কণ্ঠৰ হিচাপ ৰখা হ’ব’।



ছবি পৰিচালক অনুৰাগ কাশ্যপ, অভিনেতা ৰাজকুমাৰ ৰাও, ৰিতেশ দেশমুখ, অভিনেত্ৰী শ্বাৰা ভাস্কৰ, ৰিচা চন্দ্ৰাই নাগৰিকত্ব সংশোধনী আইনক তীব্ৰ বিৰোধিতা কৰিছে যদিও বহুতে মেগাষ্টাৰ অমিতাভ বচ্চন, শ্বাহৰুখ কান, ছলমান খান, ৰণবীৰ সিঙে বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নিদিয়াত সমালোচনাৰে থকা সৰকা কৰিছে। আনকি ছচিয়েল মিডিয়াতো তেওঁলোকৰ বিৰুদ্ধে জনমত গঠন কৰা দেখিবলৈ পোৱা গৈছে।
Published by: Himangshu Bhuyan
First published: December 19, 2019, 1:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading