• Home
  • »
  • News
  • »
  • nation
  • »
  • Arvind Trivedi passed away : ৰামায়ণ ধাৰাবাহিকত ৰাৱনৰ চৰিত্ৰ ৰূপায়ণ কৰা জনপ্ৰিয় অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান

Arvind Trivedi passed away : ৰামায়ণ ধাৰাবাহিকত ৰাৱনৰ চৰিত্ৰ ৰূপায়ণ কৰা জনপ্ৰিয় অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান

বুধবাৰে মুম্বাইত অভিনেতাজনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে।

বুধবাৰে মুম্বাইত অভিনেতাজনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে।

বুধবাৰে মুম্বাইত অভিনেতাজনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে।

  • Share this:


বৰ্ষীয়ান অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান (Arvind Trivedi passed away)। টেলিভিছনত ৰামানন্দ সাগৰৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। মঙলবাৰে নিশা শেষনিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। জানিব পৰা মতে, কিছুদিন ধৰি অসুস্থ হৈ আছিল অৰবিন্দ ত্ৰিবেদী। যোৱানিশা হৃদৰোগত আক্ৰান্ত হয় আৰু তাৰ পিছতে তেওঁৰ বিভিন্ন অংগ–প্ৰত্যংগ অচল হৈ পৰে।

বুধবাৰে মুম্বাইত অভিনেতাজনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে। ইয়াৰ উপৰি বহু হিন্দী আৰু গুজৰাটী ছবি আৰু টিভি শ্ব’ত কাম কৰিছিল তেওঁ। ৪০ বছৰীয়া অভিনয় জীৱনত তেওঁ প্ৰায় ৩০০খন হিন্দী আৰু গুজৰাটী ছবিত কাম কৰিছে। ৰামায়ণত ৰাৱনৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ‘বিক্ৰম ঔৰ বেতাল’তো অভিনয় কৰিছিল তেওঁ। বহু সামাজিক আৰু পৌৰাণিক ছবিত কাম কৰিছে অৰবিন্দ ত্ৰিবেদীয়ে।

অভিনয় জগতত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে ৰাজনীতিতো অংশগ্ৰহণ কৰিছিল তেওঁ। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ আছিল বিজেপিৰ সাংসদ। গুজৰাটৰ সবৰকথা সমষ্টিৰ সাংসদ আছিল ত্ৰিবেদী। ইয়াৰ উপৰি ছেঞ্চৰ ব’ৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেচন (CBFC)ৰ এক্টিং চেয়াৰমেন পদত আছিল তেওঁ। অৰবিন্দ ত্ৰিবেদীৰ মৃত্যুত অভিনয় জগতত শোকৰ ছাঁ পৰিছে।

Published by:Sanjay Kumar Das
First published: