অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰসংগত কিয় নীৰৱ বলীউডৰ তাৰকা?

অমিতাভ বচ্চন, বলীউডৰ তিনি খানকে আদি কৰি কৰি কোনো এগৰাকী ছুপাৰষ্টাৰেও অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰসংগত নকৰিলে কোনো মন্তব্য। অভিনেতা অক্ষয় কুমাৰো নীৰৱ!

News18-Assam
Updated:August 6, 2019, 6:06 PM IST
অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰসংগত কিয় নীৰৱ বলীউডৰ তাৰকা?
Source-Google
News18-Assam
Updated: August 6, 2019, 6:06 PM IST
সোমবাৰে ৰাজ্যসভাত গৃহীত হ’ল দুখন বিশেষ বিধেয়ক। গৃহীত হ’ল জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়ক। জম্মু–কাশ্মীৰ পুনৰ গঠন বিধেয়কখন গৃহীত হ’ল উচ্চ সদনত। বিধেয়কখনৰ সপক্ষে ১২৫টা ভোট আৰু বিপক্ষে ৬১টা ভোটদান। এই বিধেয়কখন সদনত গৃহীত হোৱাৰ পিছতে ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ লাভ কৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা। বিষয়টোকলৈ সমগ্ৰ দেশতে এতিয়া চলিছে ব্যাপক চৰ্চা। একাংশই চৰকাৰৰ এই সিদ্ধান্তক আদৰণী জনোৱাৰ লগতে একাংশই বিৰোধ কৰিলে চৰকাৰৰ এই সিদ্ধান্তৰ। কিন্তু আজি পৰ্যন্ত বলীউডৰ কোনো এগৰাকী ছুপাৰষ্টাৰেও এই সম্পৰ্কত দিয়া নাই কোনো ধৰণৰ মন্তব্য। বিভিন্ন সংবাদ মাধ্যমে বিষয়তো সন্দৰ্ভত তেওঁলোকৰ মতামত জানিবলৈ বিচাৰিছিল যদিও, তেওঁলোকে মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

কিন্তু বলীউডৰ মহান অভিনেতা অনুপম খেৰ, পৰেশ ৰাৱাল. বিক্ৰম মেসীয়ে চৰকাৰে গ্ৰহণ কৰা নতুন সিদ্ধন্তক আদৰণী জনায়। কিন্তু এই বিষয়ে টুইটৰ যোগেও মন্তব্য দিয়াৰ পৰা বিৰত আছে আমিৰ খান, শ্বাহৰুখ খান, ছলমান খান, অমিতাভ বচ্চন, অক্ষয় কুমাৰকে ধৰি কোনো বলীউডৰ তাৰকাই।

 

মাতৃভুমিয়ে বাস্তৱ ৰূপত পূৰ্ণ স্বাধীনতা এতিয়াহে লাভ কৰিলে বুলি উল্লেখ কৰে অভিনেতা পৰেশ ৰাৱালে।

সেইদৰে অভিনেতা অনুপম খেৰে কাশ্মীৰ সমস্যা সমাধানৰ পথ আজিৰ পৰা মুকলি হ’ল বুলি মন্তব্য কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি