সহ অভিনেতাই কৰিলে আত্মহত্যা, কান্দোনত ভাগি পৰিল অক্ষয় কুমাৰ

News18 Assam | News18-Assam
Updated:December 30, 2019, 5:15 PM IST
সহ অভিনেতাই কৰিলে আত্মহত্যা, কান্দোনত ভাগি পৰিল অক্ষয় কুমাৰ
Source-Google

ধাৰাবাহিক আৰু বলীউদৰ অভিনেতা কুশল পাঞ্জাৱীয়ে কৰিলে আত্মহত্যা। অভিনেতাজনে আত্মহত্যাৰ খবৰে এতিয়া ব্যথিত কৰি তুলিছে বলীউদৰ বহু তাৰকা অভিনেতা অভিনেত্ৰীক।

  • Share this:
ধাৰাবাহিক আৰু বলীউদৰ অভিনেতা কুশল পাঞ্জাৱীয়ে কৰিলে আত্মহত্যা। অভিনেতাজনৰ আত্মহত্যাৰ খবৰে এতিয়া ব্যথিত কৰি তুলিছে বলীউদৰ বহু তাৰকা অভিনেতা অভিনেত্ৰীক। কুশলে অক্ষয় কুমাৰৰ সৈতেও এখন ছবিত অভিনয় কৰিছিল। অভিনেতাজনৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে অক্ষয় কুমাৰ।

ধাৰাবাহিক আৰু বলীউদৰ অভিনেতা কুশল পাঞ্জাৱীয়ে আত্মহত্যা কৰে। কুশলৰ এগৰাকী বন্ধুৱে কোৱা মতে, দীৰ্ঘদিন ধৰি মানসিক চাপত আছিল কুশল।  যাৰফলতেই অভিনেতাজনে হাতত লৈছিল এনে সিদ্ধান্তৰ।



সহ অভিনেতাজনে লোৱা এই সিদ্ধান্তৰ পিছত অক্ষয় কুমাৰে কয় যে, ‘কুশলে মোৰ লগত ছবিত কাম কৰিছিল। সকলোৰে জীৱনলৈ মাজে মাজে কিছু সমস্যা আহেই। সমস্যাৰে ভাৰাক্ৰান্ত হ’লে মানসিক চাপো যথেষ্ট আহে। গতিকে এনে সময়ত কি ক’ৰিলে এই সমস্যা দূৰ কৰিব পাৰি সেই পথ উলিয়াব লাগে। আত্মহত্যা সমাধানৰ পথ হ’ব নোৱাৰে।’ সাক্ষাৎকাৰটোৰ মাজতে শোকত ভাগি পৰে অক্ষয় কুমাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি