চৰ্চাত আছে বলীউদৰ এগৰাকী অভিনেত্ৰী জুহি চাওলা। 5G প্ৰযুক্তি ৰোলআউটৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন দাখিল কৰি চৰ্চালৈ আহিছিল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী। অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ 5G প্ৰযুক্তিৰ ৰোলআউটৰ বিৰুদ্ধে দাখিল কৰা এই আবেদন খাৰিজ কৰিছিল। লগতে জুহি চাওলাক ন্যায়ালয়ে ২০ লাখ টকাৰ জৰিমনা বিহিছিল। আনকি উচ্চ ন্যায়ালয়ে মাচুল মূল্যায়ন সংক্ৰান্তীয় জুহি চাওলাৰ আবেদনো খাৰিজ কৰিছিল। আদালতে মাচুল এসপ্তাহৰ ভিতৰত জমা কৰিবলৈও নিৰ্দেশ দিছিল। ইফালে, জুহি চাওলাই এতিয়া গোচৰটোৰ সন্দৰ্ভত এটা ভিডিঅ' মুকলি কৰি তেওঁ 5Gৰ বিৰুদ্ধে নহয় বুলিও উল্লেখ কৰে।
জুহি চাওলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰি কৈছিল, 'বিগত দিনবোৰত ইমানেই তৰ্ক-বিতৰ্ক হৈছিল যে, মই নিজেই নিজৰ কথা শুনিব পৰা নাছিলো আৰু এই কোলাহলৰ মাজত মই ভাবিছিলো যে, এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা হেৰাই গৈছে আৰু সেইটো হ'ল আমি 5Gৰ বিৰুদ্ধে নহয়, আমি ইয়াক স্বাগতম জনাইছো। আপুনি অনুগ্ৰহ কৰি ইয়াক আনিব লাগিব। আমি সকলোৱে মাত্ৰ এইটোৱে কৈছিলো যে, কৰ্তৃপক্ষই স্পষ্ট কৰিব লাগিব যে 5G সুৰক্ষিত।'
তেওঁ লগতে কয়, 'আমি কেৱল কৈছো যে, অনুগ্ৰহ কৰি আজি প্ৰমাণিত কৰক, ইয়াৰ ওপৰত আপোনাৰ অধ্যয়ন প্ৰকাশ কৰক, ইয়াৰ ওপৰত গৱেষণা কৰক, ৰাজহুৱাকৈ এইবোৰ প্ৰকাশ কৰক যাতে আমাৰ যি ভয় আছিল সেয়া নাইকিয়া হয়। আমি সকলো যাতে আৰামেৰে শুৱ পাৰো। আমি কেৱল ইমানেই জানিব বিচাৰো যে, ই শিশু, গৰ্ভৱতী মহিলা আৰু গৰ্ভজাত শিশুৰ বাবে সুৰক্ষিত। মাত্ৰ আমি সকলোৱে এয়াই জানিব বিচাৰিছো।'
উল্লেখ্য যে, জুহি চাওলাই এই বিষয়ত কয় যে, যদি টেলিকম উদ্যোগৰ পৰিকল্পনা সম্পূৰ্ণ হয়, তেতিয়া পৃথিৱীত কোনো ব্যক্তি, কোনো জন্তু, কোনো চৰাই, কোনো পতংগ আৰু পৃথিৱীৰ যিকোনো উদ্ভিদেই ইয়াৰ প্ৰভাৱৰ পৰা বাচিব নোৱাৰিব। তেওঁ কয় যে, এই 5G সেৱাসমূহে মানুহৰ ওপৰত গুৰুতৰ, অপৰিৱৰ্তনীয় প্ৰভাৱ আৰু পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰৰ স্থায়ী ক্ষতিৰ শংকা কঢ়িয়াই আনিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 10, 2021, 12:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।