বাংগালুৰুত ইতিহাসবিদ, লেখক ৰামচন্দ্ৰ গুহক গ্ৰেপ্তাৰ কৰাক লৈ বলিউডৰ অভিনেত্ৰী ৰিচা চাড্ডাই টুইট কৰি কেন্দ্ৰক সমালোচনা কৰিছে। এই টুইট ছচিয়েল মিডিয়াত বাৰুকৈ ভাইৰেল হৈছে।
CAAৰ বিৰোধ কৰা লেখক ৰামচন্দ্ৰ গুহৰ গ্ৰেপ্তাৰক লৈ বলিউডৰ অভিনেত্ৰীগৰাকীৰ প্ৰশ্ন–লেখকৰ পৰা ভয় খালে?
বাংগালুৰুৰ পৰা প্ৰসিদ্ধ ইতিহাসবিদ তথা লেখক ৰামচন্দ্ৰ গুহক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত দেশজুৰি যথেষ্ট প্ৰতিক্ৰিয়া ৰ সৃষ্টি হৈছে।
কেৱল ৰিচা চাড্ডাই নহয় অভিনেত্ৰী পূজা বেদীয়ে খঙত ছচিয়েল মিডিয়াত লিখিছে–আচ্ছে দিন পাহৰি যাওক, ভাৰতৰ এয়া ছবি।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে বেংগালুৰুত সমদল উলিয়াইছিল। এই সমদলৰ অনুমতি দিয়া নাছিল প্ৰশাসনে। পুৱাৰে পৰা যথেষ্ট সংখ্যক আৰক্ষী প্ৰধান পথসমূহত মোতায়েন কৰা হৈছিল। ইয়াৰ মাজতে ৰামচন্দ্ৰ গুহে সমদলত অংশ লয়, আৰক্ষীয়ে ইয়াৰ পিছত ৩০জন লোকক জিম্মাত লয়। আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কিছু উখনা উখনিও হয়। অৱশ্যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|